নুনমাটিত এইবাৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি যুৱতী, লুটি লৈ গ’ল মোবাইল ফোন

যেন অপৰাধৰ ঘাটি হৈ পৰিছে মহানগৰীৰ নুনমাটিৰ কেবিন চ’ক অঞ্চল।

মঙ্গলবাৰে নিশা কিশোৰ কলিতা নামৰ এগৰাকী ৰেলৱে অভিযন্তাৰ ডিঙি ৰেপি ড্ৰাগছ আসক্ত দুৰ্বৃত্তই কাঢ়ি লৈ গৈছিল নগদ ধন, মোবাইল ফোন।

এইবাৰ একেটা স্থানতে অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’ল আন এগৰাকী যুৱতী।

G5 14
নুনমাটিত এইবাৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি যুৱতী, লুটি লৈ গ'ল মোবাইল ফোন 3

জানিব পৰা মতে, বুধবাৰে নিশা প্ৰায় ৮.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। ভৰলুৰ এখন ফাৰ্নিছাৰ প্ৰতিষ্ঠানত কৰ্মৰত যুৱতীগৰাকীয়ে সন্ধিয়া নুনমাটি কেবিন চ’কৰ ৰে’ল আলিৰে বড়ো চ’কৰ শ্ৰীনগৰস্থিত ঘৰলৈ আহি আছিল।

তেনেতে কেবিন চ’কৰ ৰে’ল আলিত মুখত ক’লা কাপোৰ পিন্ধা দুৰ্বৃত্তই যুৱতীগৰাকীক আক্ৰমণ কৰি মোবাইল ফোনটো কাঢ়ি লৈ যায়।

মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে একেটা স্থানত সংঘটিত দুটাকৈ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অপৰাধৰ কেন্দ্ৰস্বৰূপ হৈ পৰা এই অঞ্চলটোত সুস্থিৰ আৰু নিৰাপদ পৰিবেশ গঢ়ি তুলিবলৈ আৰক্ষীক দাবী জনাইছে স্থানীয় লোকে।

লগতে চাওকঃ

কলেজীয়া ছাত্ৰীক দিন দুপৰতে ঘপিয়াই হত্যা ব্যৰ্থ প্ৰেমিকক, গ্ৰেপ্তাৰ আৰক্ষীৰ

G2 14
নুনমাটিত এইবাৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি যুৱতী, লুটি লৈ গ'ল মোবাইল ফোন 4

Leave a Comment