মিজােৰামঅসমীয়া

আছাম ৰাইফলছৰ অভিযানত হেৰ’ইন জব্দ, আটক ৪ সৰবৰাহকাৰী

নিউজ ডেস্ক। আছাম ৰাইফলছৰ সফলতা। মিজােৰামৰ নাৰ্ক’টিক্স বিভাগৰ সৈতে যুটীয়া অভিযানত মঙলবাৰে আৰু বুধবাৰে আইজলৰ দুটা পৃথক স্থানত ১৫৮ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। যিসমূহৰ মূল্য ৪.২ লাখ টকা বুলি অনুমান কৰা হৈছে।

হেৰ’ইন সৰবৰাহৰ সৈতে জড়িত চাৰি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে বিভাগে।

বিভাগীয় বিবৃতিত কোৱা হৈছে যে, বিভাগৰ বিষয়া আৰু আছাম ৰাইফলছৰ জোৱান সকলে বুধবাৰে আইজলৰ তাৱংটাই মুয়াল অঞ্চলত এক যুটীয়া অভিযান চলাইছিল। অভিযানত ১৩৩ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হয়।

অভিযানত দুজন সৰবৰাহকাৰীক আটক কৰা হয়। তেওঁলোক ক্ৰমে আইজলৰ চাৰন ভেঙৰ চম্ফাই জিলাৰ জোখাৱথাৰ গাঁৱৰ বাসিন্দা লালিয়ানচাংগা (২২) আৰু লালখাৱাংগাইৱাহ (৪১) বুলি চিনাক্ত কৰা হয়।

আনহাতে আন এক অভিযানত আবকাৰী বিভাগে মঙলবাৰে আইজলৰ মৌবাৱক অঞ্চলত ২৫ গ্ৰাম হেৰ’ইন জব্দ কৰে আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰে।

সেই দুজন সৰবৰাহকাৰীক চাম্ফাই জিলাৰ লিয়ানপুইৰৰ বাসিন্দা লালজাৰলিয়ানা (৪৫) আৰু আইজলৰ কুলিকাৱনৰ বাসিন্দা আৰ লিয়ান্টলুয়াঙ্গা (৩৮) বুলি চিনাক্ত কৰা হয়। জব্দ কৰা হেৰোইনখিনিৰ মূল্য প্ৰায় ৪.২ লাখ টকা হ’ব।

বিবৃতিটোত উল্লেখ থকা অনুসৰি, অভিযুক্তসকলক নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স এক্ট, ১৯৮৫ ৰ প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *