কেচুঁ খান্দোতে ওলাল সাপ! ডিজিপিয়ে টুইট্ কৰিলে এই ভয়াৱহ জালিয়াতিৰ তথ্য…

নিউজ ডেস্কĀ। এইবাৰ কেচুঁ খান্দোতে ওলাল সাপ! নগাঁও আৰক্ষীৰ বৃহৎ সফলতা।

এক ডকাইতি সম্বন্ধীয় অনুসন্ধানত যোৱা নগাঁও আৰক্ষীৰ এটা দলে উদ্ধাৰ কৰিলে এক দুষ্ট চক্ৰৰ বৃহৎ বজাৰ।

নগাঁও উপ আৰক্ষী অধীক্ষক ত্ৰিদিপ কুমবাঙৰ নেতৃত্বত যোৱা এটা দলে উদ্ধাৰ কৰে জলিয়াতিৰে ভুৱা প্ৰমাণ পত্ৰ প্ৰদান কৰা এটা চক্ৰৰ এখন বৃহৎ বজাৰ।

G8

জানিব পৰা মতে, নগাওঁ আৰক্ষীয়ে হাজাৰ হাজাৰ ভুৱা প্ৰমাণ পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। য’ত চক্ৰটোৱে টকাৰ বিনিময়ত স্কুল, কলেজ, বিশ্ববিদ্যালয়, খাজনা, জমাবন্দী, জন্ম বা মৃত্যু আদিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।

আৰক্ষীৰ দলটোৱে মকবুল হুছেইন নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আনহাতে খালেক নামৰ মূল অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, প্ৰায় ১০-১২ হাজাৰ এনে ভুৱা প্ৰমাণ পত্ৰ উদ্ধাৰ কৰা হৈছে। বৰ্তমান আৰু অধিক প্ৰমাণ পত্ৰ উদ্ধাৰ কৰা হৈছে, যিসমূহ গণনা কৰা হোৱা নাই।

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই শেহতীয়াকৈ টুইটাৰযোগে কয় যে, “কেচুঁ খান্দোতে সাপ! নগাঁও জিলাত তাকেই ঘটিল। এটা ডকাইতিৰ অনুসন্ধানত যোৱা আৰক্ষীৰ দল এটিয়ে ঘটনাক্ৰমে, চকু কপালত উঠা অপৰাধী চক্ৰ এটাৰ কথা পোহৰলৈ আনে। এই চক্ৰটো জড়িত হৈ আছে হাজাৰ হাজাৰ ভুৱা প্ৰমাণপত্ৰ তৈয়াৰ কৰাত। স্কুল, কলেজ, বিশ্ববিদ্যালয়, আনকি খাজনা, জমাবন্দী, জন্ম বা মৃত্যু… যি ভুৱা প্ৰমাণ পত্ৰ লাগে তাকে ইহঁতে বনাই দিয়ে। মকবুল হুছেইন নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে, খালেক নামৰ প্ৰধান অভিযুক্ত জন এতিয়াও পলাতক। ১০-১২ হাজাৰ বিভিন্ন ভুৱা প্ৰমাণপত্ৰ আমি এতিয়ালৈ উদ্ধাৰ কৰিছো। আৰু বহুত আছে। গণনা এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। নগাঁও আৰক্ষীক এই বৃহৎ সফলতাৰ বাবে অভিনন্দন। বিশেষকৈ DSP ত্ৰিদিপ কুমবাং আৰু দলক। WELL DONE BOYS!”

Leave a Comment