আছাম ৰাইফলছৰ অভিযানত জব্দ বিপুল পৰিমাণৰ বিস্ফোৰক, ৩ জনক আটক

নিউজ ডেস্ক। আছাম ৰাইফলছৰ বৃহৎ সাফল্য।

গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত জব্দ কৰিলে বিপুল পৰিমাণৰ বিস্ফােৰক সামগ্ৰী।

মিজোৰামত সন্ত্ৰাসবাদ বিৰোধী অভিযান চলাই বৃহস্পতিবাৰে এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয় অসম ৰাইফলছে।

এক নিৰ্দিষ্ট খবৰৰ ভিত্তিত আসন ৰাইফলছে চাইহা জিলাৰ সীমান্তৱৰ্তী গাওঁ জাৱংলিংৰ ওচৰত অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী আৰু যুদ্ধত ব্যৱহৃত অন্যান্য অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে।

FJo-R-SRXs-AIKT9-J

ঘটনা সন্দৰ্ভত তিনিজন লােকক আটক কৰে আছাম ৰাইফলছে।

বৃহস্পতিবাৰে ছাইহা জিলাৰ টিপা আৰক্ষীৰ সহযোগত লুংলেই বেটেলিয়নৰ টুইপাং চকীৰ অসম ৰাইফলছৰ জোৱানসকলে এই অভিযান আৰম্ভ কৰে।

দলটোৱে বৃহৎ পৰিমাণৰ যুদ্ধত ব্যৱহৃত বিস্ফোৰক আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ কঢ়িওৱা এখন মিনি ট্ৰাকৰ বিষয়ে গোপন খবৰ লাভ কৰাৰ পিছতে এই অভিযান চলায়।

FJo-R-SLWYAAa-Hdd

আছাম ৰাইফলছৰ দলটোৱে আৰক্ষীৰ সৈতে টুইপাং-জাওংলিং পথত এটা চেক পোষ্ট স্থাপন কৰি মুঠ ২৫০০ কিলোগ্ৰাম বিস্ফোৰক আৰু ৪৫০০ মিটাৰ ডিটোনেটৰ কেবল কঢ়িয়াই অনা এখন মিনি ট্ৰাক জব্দ কৰে।

আনহাতে বাহনখনত থকা চালকসহ তিনিজন লােকক আটক কৰি পৰৱৰ্তী সময়ত আৰক্ষীৰ হাতত গতাই দিয়ে।

আছাম ৰাইফলছৰ এই সফল অভিযান ভাৰত-ম্যানমাৰ সীমান্তত সংঘটিত হ’বপৰা এক অপ্ৰীতিকৰ পৰিস্থিতি প্ৰতিহত কৰিবলৈ সক্ষম হয়।

লগতে চাওকঃ

কলেজীয়া ছাত্ৰীৰ অপহৰণ-মুক্তিপণ দাবী! পৰিয়ালত হাহাকাৰ

G7

Leave a Comment