অৰুণাচল প্ৰদেশঅসমঅসমীয়া

অৰুণাচল প্ৰদেশত কৰ্মৰত অসম দুই শ্ৰমিকৰ ভূমিস্খলনত শোকাৱহ মৃত্যু

নিউজ ডেস্ক। পুনৰ বহিঃৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিকৰ দুৰ্ঘটনাত মৃত্যু।

এইবাৰ ভূমিস্খলনৰ কবলত পৰিল অৰুণাচল প্ৰদেশৰ লেপাৰাডা জিলাত মৃত্যু হ’ল লখিমপুৰ জিলাৰ লালুকৰ দুই যুৱ শ্ৰমিকৰ।

vlcsnap-2022-02-01-13h29m52s763

জানিব পৰামতে, লালুক থানাৰ অন্তৰ্গত নাদিকা গাঁৱৰ হাবিজুল ইছলামৰ পুত্ৰ আছাদুল ইছলাম (১৯) আৰু হুৰমুজ আলীৰ পুত্ৰ নুৰজামাল হকে (১৯) কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশৰ লেপাৰাডা জিলাৰ বাছাৰত শ্ৰমিকৰূপে আজি কিছুদিন ধৰি নিয়োজিত হৈ আছিল।

22-3

দুয়োগৰাকী যুৱকে অট্টালিকাৰ নিৰ্মাণস্থলীত কাম কৰি থকা অৱস্থাত সােমবাৰে পুৱাৰ ভাগত কাষৰ পাহাৰ খহি পৰাত দুয়োগৰাকী যুৱকৰ থিতাতে মৃত্যু হয়।

পাছত জিলাখনৰ দুৰ্যােগ প্ৰশমন বিভাগে দুয়ােৰে মৃতদেহ উদ্ধাৰ কৰে।

এই ঘটনাই বৃহত্তৰ লালুক এলেকাত গভীৰ শােকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে নাগালেণ্ডত কৰ্মৰত অৱস্থাত কামৰূপ জিলাৰ ৰঙিয়াৰ এজন জেচিবি চালক যুৱকৰ ওপৰত শিলাখণ্ড খহি পৰাৰ ফলত মৃত্যু হৈছিল।

লগতে চাওকঃ

ৰাজনৈতিক ইনিংছ আৰম্ভ হ’ল মণিপুৰৰ চুপাৰ ক’প থৌনাওজাম বৃন্দাৰ

G2

Leave a Reply

Your email address will not be published. Required fields are marked *