অসমঅসমীয়াআন্তঃৰাষ্ট্ৰীয়

অস্বাভাৱিকভাৱে হ্ৰাস লুইতৰ জলস্তৰ, ধুবুৰীত আবদ্ধ বাংলাদেশৰ অর্ধশতাধিক শিলভৰ্তি নাও

নিউজ ডেস্ক। বৃহৎ নদীবান্ধৰ কু-প্ৰভাৱ পৰিলক্ষিত হৈছে অসমৰ বিভিন্ন অঞ্চলত।

ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থলৰ লগতে অৰুণাচল প্ৰদেশত বৃহৎ নদীবান্ধৰ নিৰ্মাণৰ পাছতেই অতি ভয়াৱহভাৱে শুকাবলৈ আৰম্ভ কৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।

ইয়াৰ পৰিণতিতে আশংকা কৰাৰ দৰেই ৰাজ্যৰ বহু ঠাইত অস্বাভাৱিকভাৱে হ্ৰাস পাইছে লুইতৰ জলস্তৰ।

ইয়াৰ ফলত কেৱল পাৰিপাৰ্শ্বিকতাই বাধাগ্ৰস্ত হােৱা নাই, বাধাগ্ৰস্ত হৈ লুইতৰ বুকুৱেদি মালবাহী নাও- জাহাজৰ চলাচলাে।

A-Bangladeshi-goods-carrier-vessel-is-struck-on-the-river-Bramaputra-on-route-to-Dhubri-due-low-wate

ফটােঃ ইউবি ফটাে

জানিব পৰা মতে, লুইতৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্রাস পোৱাৰ ফলত বাংলাদেশৰ পৰা অহা অর্ধশতাধিক শিল কঢ়িওৱা বৃহৎ নাও ধুবুৰী জিলাৰ ভিন্ন স্থানত আবদ্ধ হৈ পৰিছে।

ইয়াৰ ফলতে বিগত ১২ দিন ধৰি আবদ্ধ হৈ থকা বাংলাদেশৰ প্ৰায় দুই শতাধিক নাও চালক আৰু কৰ্মচাৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্রাস পোৱাৰ ফলত নদীপথত বন্ধ হৈ পৰিছে সকলো ধৰণৰ নাৱৰ চলাচল।

জানিব পৰা মতে, এমাহ পূর্বে শিল কঢ়িওৱাৰ বাবে বাংলাদেশৰ পৰা ধুবুৰীৰ জাহাজঘাটত উপস্থিত হৈছিল অর্ধশতাধিক মালবাহী নাও।

ইপিনে, ব্ৰহ্মপুত্ৰৰ বুকুত খনন কাৰ্য চলাই ভাৰত-বাংলাদেশৰ নদীপথৰ বাণিজ্য সুগম কৰি তােলাৰ বাবে বাংলাদেশৰ নাগৰিক তথা জাহাজৰ চালক কৰ্মচাৰীসকলে আহ্বান জনাইছে।

লগতে চাওকঃ

ৰাজনৈতিক ইনিংছ আৰম্ভ হ’ল মণিপুৰৰ চুপাৰ ক’প থৌনাওজাম বৃন্দাৰ

G2

Leave a Reply

Your email address will not be published. Required fields are marked *