অৰুণাচল প্ৰদেশ

অৰুণাচলৰ টিৰাপত গ্ৰেণেড বিস্ফোৰণ, শিশুসহ কেইবাজনো আহত…

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত ভয়ংকৰ গ্ৰেণেড বিস্ফোৰণ।

গ্ৰেণেড বিস্ফোৰণৰ ফলত আহত হৈছে শিশুসহ কেইবাজনো লোক।

অৰুণাচলৰ আপাৰ ছিংহানত সংঘটিত হৈছে এই ঘটনা।

বিস্ফোৰণৰ ফলত তিনিটি শিশু গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

আহত সকলক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে ডিব্ৰুগড়স্থিত AMCHলৈ।

জানিব পৰা মতে, NSCN(IM) আৰু আছাম ৰাইফলছৰ সংঘৰ্ষত পৰি গৈছিল গ্ৰেণেডটো।

সেই পৰি যোৱা গ্ৰেণেডটো লৈ খেলি আছিল কেইটামান শিশুৱে।

খেলি থকাৰ মাজতে বিস্ফোৰিত হয় গ্ৰেণেডটো।

Leave a Reply

Your email address will not be published. Required fields are marked *