ৰাষ্ট্ৰীয়অসমীয়া

ছুটীত থকা চিআৰপিএফ জোৱানৰ ঘৰলৈ সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীবৰ্ষণ, শ্বহীদ জোৱান

নিউজ ডেস্ক। জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা আৰু আৰক্ষীয়ে যুটীয়া অভিযান অব্যাহত ৰখাৰ সময়তে সংঘটিত হ’ল এক শোকাবহ ঘটনা।

শনিবাৰে নিশা দক্ষিণ কাশ্মীৰৰ শ্বপিয়ানত এজন চিআৰপিএফ জোৱানক নিজ বাসগৃহত গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে।

p2 9

শ্বপিয়ানৰ চেকি ছোটেপোৰাৰ চিআৰপিএফ জোৱান মুখতাৰ আহমেদ দোইৰ বাসগৃহত সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীবৰ্ষণ কৰাত চিআৰপিএফ জোৱানজন গুলীবিদ্ধ হয়।

জানিব পৰা মতে, সন্ত্ৰাসবাদীয়ে তেওৰ বাসগৃহত গুলীচালনা কৰাৰ সময়ত মুখতাৰ আহমেদ দোই ছুটিত আছিল।

p1 11

গুৰুতৰভাৱে আহত দোইক লগে লগে স্থানীয় হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে চিআৰপিএফ জোৱানজনক মৃত ঘোষণা কৰে।

উল্লেখ্য যে, শনিবাৰে আৰক্ষী, সেনা আৰু নিৰাপত্তাৰক্ষীয়েই জম্মু কাশ্মীৰৰ একাধিক স্থানত অভিযান চলাই পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-এ-তৈবাৰ ২ জন আৰু জৈছ-এ-মহম্মদৰ দুজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰিবলৈ সক্ষম হৈছিল।

সেনাৰ সন্ত্ৰাসবাদী বিৰোধী এই অভিযানৰ পিছতে নিশা ছুটিত থকা চিআৰপিএফ জোৱান মুখতাৰ আহমেদৰ ঘৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে, যাৰ ফলত চিআৰপিএফ জোৱানজন শ্বহীদ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *