অস্ত্ৰসহ এন এছ চি এন মুইভা গোটাৰ তিনি কেডাৰক গ্ৰেপ্তাৰ…

অস্ত্ৰসহ এন এছ চি এন মুইভা গোটাৰ তিনি কেডাৰক গ্ৰেপ্তাৰ।

মণিপুৰৰ কাংপকপি জিলাত বৃহস্পতিবাৰে আছাম ৰাইফলছে অভিযান চলাই ধনদাবী কৰা এন এছ চি এন মুইভা গোটৰ তিনি গৰাকী দুৰ্ধষ কেডাৰক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে এন এছ চি এনৰ এটা গোটে অঞ্চলটোত ধনদাবী কৰা বুলি গোপন খবৰ লাভ কৰাৰ পিছত আছাম ৰাইফলছে অভিযান চলাইছিল।

অভিযানত আছাম ৰাইফলছে মাইকিৰাঙ অবনমাই, মাইথাঙ লিয়াঙমাই, ছিৰাইবু মালাঙমাই নামৰ তিনিগৰাকী এন এছ চি এনৰ কেডাৰক গ্ৰেপ্তাৰ কৰে।

আছাম ৰাইফলছে তেওঁলোকৰ পৰা এটা পিষ্টল, এটা চৰ্টগান আৰু এটা খজা বন্দুক জব্দ কৰে।

তিনিজন কেডাৰক পিছত ছপিৰমিনা কাংপকপি জিলাৰ আৰক্ষী থানাত চমজায় দিয়ে।

Leave a Comment