অসমঅসমীয়া

হেৰােইন প্ৰস্তুত কৰাৰ বাবে অসমৰ চৰাঞ্চলৰ শ শ বিঘা ভূমিত আফিং খেতি!

নিউজ ডেস্ক। নিষিদ্ধ ড্ৰাগছ প্ৰস্তুত কৰাৰ বাবে কেঁচা সামগ্ৰী উৎপাদনৰ যেন কেন্দ্ৰস্থল হৈ পৰিছে অসমৰ একাংশ চৰাঞ্চল।

বছৰ বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ মাফিয়া চক্ৰই চৰাঞ্চলৰ একাংশ লােকক বিপথে পৰিচালিত কৰি নাইবা মােটা অংকৰ ধনৰ বিনিময়ত নিয়ােগ কৰিছে ভাং, আফিঙৰ উৎপাদনৰ কামত।

272539471-5323606864319650-1483685963486592077-n

সহজ ধনৰ লালসাত এনে মাফিয়া চক্ৰৰ কবলত পৰি কৃষি কৰ্মৰ সলনি নিষিদ্ধ ড্ৰাগছৰ বাবে প্ৰয়ােজনীয় নিষিদ্ধ পদাৰ্থৰ খেতিৰ নিয়ােজিত হৈ পৰিছে ৰাজ্যৰ বহু কৃষক।

271744456-5323630517650618-7868928658884483915-n

নামনি অসমৰ একাধিক জিলাত ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলত বছৰ বছৰ ধৰি শ শ বিঘা মাটিত ভাং আৰু আফিং খেতি কৰিছে এনে একাংশ কৃষকে।

272142904-5323603730986630-55886677273557117-n

শেহতীয়াকৈ অসম আৰক্ষীৰ অভিযানত শ শ বিঘা ভাং- আফিঙৰ খেতি ধ্বংস কৰা কাৰ্যই পুনৰ এই কথাকেই যেন স্পষ্ট কৰি তুলিছে।

উল্লেখ্য যে গােৱালপাৰা জিলাৰ বিভিন্ন চৰাঞ্চলত জিলা আৰক্ষীৰ অভিযানত শ শ বিঘা আফিং খেতিও নষ্ট কৰা হৈছে।

বৃহস্পতিবাৰে জিলাখনৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত চুনাৰিৰ চৰত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৩ শ বিঘা আফিং খেতি ধ্বংস কৰে।

FKsi-RFy-VEAAjwzj

জানিব পৰা মতে, গোৱালপাৰা জিলাৰ কালজানি, চুনাৰি, জলেশ্বৰ আদিৰ ওচৰে-পাঁজৰে থকা চৰসমূহত ড্ৰাগ্‌ছ মাফিয়াই আফিং খেতি কৰি আহিছে।

প্রায় তিনি মাহ পূৰ্বে কৰা আফিঙৰ খেতি সম্প্ৰতি পূৰঠ হৈ আহিছে। পূৰঠ হোৱা আফিঙৰ গুটিৰ পৰা ওলোৱা ৰসবোৰেই হ’ল আফিং।

এই আফিঙৰ পৰাই ৰাসায়নিক প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা হয় মাৰাত্মক হেৰোইন ড্ৰাগছ।

FKsi-Qw-UVUAE5-Qr-M

বছৰ বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় ড্রাগ্‌ছ মাফিয়া চক্ৰই আফিংসমূহ বিদেশলৈ চালান কৰি কোটি কোটি টকা সংগ্ৰহ কৰি আহিছে।

চুনাৰি থানাৰ অন্তৰ্গত বালিকাচি, চিতলমাৰী, হাগুৰীপাৰা আদি অঞ্চলত গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেীৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলােৱা হয়।

এই অভিযানত আৰক্ষীয়ে আফিঙৰ খেতি বিনষ্ট কৰাৰ ক্ষেত্ৰত ট্ৰেক্টৰ ব্যৱহাৰ কৰে।

অভিযানত জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীক লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীমকান্ত পেগু, চুনাৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰিদেৱ দাস, আৰক্ষীৰ জোৱান আৰু কিছুসংখ্যক স্থানীয় ব্যক্তিয়ে সহযোগ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *