অলিম্পিকত পদক জয়েৰে দেশবাসীক গৌৰৱান্বিত কৰা খেলুৱৈ সকললৈ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ।
শনিবাৰে জেভলিন থ্ৰ’ট নীৰজ চোপ্ৰাই স্বৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হোৱাৰ পাছতে ঘোষণা কৰা হয় এই পুৰস্কাৰ।
টকিঅ’ অলিম্পিকত ভাৰতৰ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় নীৰজে।
ইয়াৰ পাছতে বিচিচিআইৰ সচিব জয় শ্বাহে স্বৰ্ণপদক বিজয়ী নীৰজ চোপ্ৰাক ১ কোটি টকাৰে পুৰস্কৃত কৰা হ’ব বুলি ঘোষণা কৰে।
ইয়াৰ উপৰি ভাৰোত্তোলক মীৰাবাই চান্নু আৰু মল্লযোদ্ধা ৰবি কুমাৰ দাহিয়াক ৫০ লাখ টকাৰে পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰে।
আনহাতে ব্ৰঞ্জ পদক বিজয়ী- শ্বাটলাৰ পি ভি সিন্ধু, বক্সাৰ লভলিনা বৰগোহাঁই আৰু মল্লযোদ্ধা বজৰং পুনিয়াক ২৫ লাখ টকাকৈ পুৰস্কৃত কৰা হ’ব।
লগতে অলিম্পিকত দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাই দেশলৈ গৌৰব কঢ়িয়াই অনা ভাৰত পুৰুষ হকী দলক ১.২৫ কোটি টকাৰ পুৰস্কাৰ দিয়া হ’ব বুলি ঘোষণা কৰে।
INR 1 Cr. – 🥇 medallist @Neeraj_chopra1
— Jay Shah (@JayShah) August 7, 2021
50 lakh each – 🥈 medallists @mirabai_chanu & Ravi Kumar Dahiya
25 lakh each – 🥉 medallists @Pvsindhu1, @LovlinaBorgohai, @BajrangPunia
INR 1.25 Cr. – @TheHockeyIndia men's team @SGanguly99| @ThakurArunS| @ShuklaRajiv









