পুনৰ এনকাউণ্টাৰঃ আৰক্ষীৰ গুলীত নিহত কুখ্যাত ড্ৰাগছ পেডলাৰ খাইৰুল ইছলাম…

চামগুৰিৰ খাটোৱালত আৰক্ষীৰ এনকাউণ্টাৰ

আৰক্ষীৰ গুলীত নিহত কুখ্যাত ড্ৰাগছ পেডলাৰ খাইৰুল ইছলাম।

খাটোৱালৰ গেৰুৱামুখত আৰক্ষীয়ে চলাইছিল ড্রাগছবিৰোধী অভিযান।

আৰক্ষী বিষয়াক চোকা অস্ত্রৰে আক্রমণ কৰি পলায়নৰ চেষ্টা কৰিছিল খাইৰুলে।

আক্রমণত আহত খাটোৱাল থানাৰ ভাৰপ্রাপ্ত বিষয়া অলক দত্ত গুপ্তা।

লগে লগে আৰক্ষীয়েও আত্মৰক্ষাৰ বাবে গুলী চলায় যাৰ ফলত নিহত হয় খাইৰুল।

আনহাতে খাইৰুলৰ আক্রমণত গুৰুতৰভাৱে আহত হয় বিষয়াগৰাকীৰ গাড়ীৰ চালক উৎপল বৰুৱা।

আহত ভাৰপ্ৰাপ্ত বিষয়া অলক দত্ত গুপ্তাসহ গাড়ী চালক উৎপল বৰুৱাক ততাতৈয়াকৈ ভৰ্তি কৰা হয় নগাঁও অসামৰিক চিকিৎসালয়ত।

Leave a Comment