
অম্বুবাচী মেলালৈ কোনো লোকক নাহিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, কাৰণ…
নিউজ ডেস্কঃ অহা ২২ জুনৰ পৰা অনুষ্ঠিত হ’বলগীয়া মা্ কামাখ্যা ধামৰ অম্বুবাচী মেলালৈ এইবাৰ ভক্তসকলক নাহিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সমগ্ৰ ৰাজ্যজুৰি ভয়াবহ ৰূপ ধাৰণ কৰা বান আৰু ভূমিস্খলন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ দুটা কোভিড বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এইবাৰ মা কামাখ্যা ধামলৈ যোৱা পথৰ ভূমিস্খলনৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে ভক্তসকলে ধামলৈ আহিব নালাগে।
তেওঁ লগতে কয় যে কোভিডৰ সময়ত যিদৰে অম্বুবাচী মেলা অনুষ্ঠিত কৰা হৈছিল এইবাৰো সেইদৰেই আয়োজন কৰা হব।

উল্লেখ্য যে, অহা ২২ জুনৰ পৰা ২৬ জুনলৈ মা কামাখ্যা ধামত অনুষ্ঠিত হ’ব অম্বুবাচী মেলা।
বিগত দুটা বছৰৰ পিছত এইবাৰ অম্বুবাচী মেলা অতি ধুম ধামেৰে অনুষ্ঠিত হোৱাৰ আশা কৰা হৈছিল যদিও বতৰৰ বিধি পথালি আৰু প্ৰকৃতিৰ ৰুষ্ট ৰূপৰ বাবে শেষ মুহূৰ্তত এইবাৰো অম্বুবাচী মেলা অনুষ্টুপীয়া কৰা হয়।
লগতে চাওকঃ
বোকাত পোত যোৱা সাংবাদিকৰ ছেণ্ডেল তুলি দি সহায়ৰ চেষ্টা মুখ্যমন্ত্ৰীৰ, ভাইৰেল ভিডিঅ’…






