অসমীয়াৰাষ্ট্ৰীয়

SI ফাৰুক আহমেদক অপহৰণ কৰি নিৰ্জন স্থানত গুলীয়াই হত্যা! ধাননিৰ মাজত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্কঃ জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন আৰক্ষী উপ-পৰিদৰ্শকৰ মৃতদেহ ধাননি পথাৰৰ মাজত উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীৰ উপ পৰিদৰ্শকগৰাকীক সন্ত্ৰাসবাদীয়ে অপহৰণ কৰি নিয়াৰ পিছত নিৰ্জন স্থানত গুলীয়াই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে।

ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আৰক্ষী বিষয়াগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

p1 4

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ঘটনাস্থলীৰ পৰা প্ৰমাণ সংগ্ৰহ কৰা হৈছে।

মৃত এছ আই (এম) গৰাকীৰ পৰিচয় চাম্বুৰা পাম্পুৰৰ বাসিন্দা গণি মিৰৰ পুত্ৰ ফাৰুক আহমেদ মিৰ বুলি জানিব পৰা গৈছে।

ফাৰুক বৰ্তমান লেথপোৰাত ২৩ বিলিয়ন আই আৰ পিত অ’ এছ আই হিচাপে কৰ্তব্যৰত আছিল। তেওঁৰ মৃতদেহৰ বুকুত গুলীৰ আঘাতৰ চিন দেখিবলৈ পোৱা গৈছে।

photo1655522604

উল্লেখ্য যে, দুদিন পূৰ্বে অনন্তনাগত সন্ত্ৰাসবাদীয়ে গ্ৰেনেডেৰে নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ চলাইছিল। ইয়াৰ ফলত এজন আৰক্ষী জোৱান আহত হৈছিল।

এই ঘটনা সংঘটিত হৈছিল পাঠশাহী বাগ অঞ্চলত। আহত আৰক্ষী জোৱান জন আছিল আহমদুল্লাহ, তেওঁ এজন হেড কনিষ্টবল আছিল।

জম্মু-কাশ্মীৰৰ নিৰাপত্তা সংস্থাসমূহৰ বাবে এক নতুন প্ৰত্যাহ্বান হিচাপে আত্মপ্ৰকাশ কৰিছে হাইব্ৰিড সন্ত্ৰাসবাদী।

যোৱা ২ মাহত কাশ্মীৰত ৬ টা টাৰ্গেট কিলিং ঘটনা সংঘটিত কৰিছে হাইব্ৰিড সন্ত্ৰাসবাদীয়ে। এয়া সন্ত্ৰাসবাদীৰ এক নতুন পদ্ধতি আৰু নিজকে হাইব্ৰিড সন্ত্ৰাসবাদী বুলি দাবী কৰা বেছিভাগ সদস্যই লস্কৰ-ই-তৈবাৰ সৈতে জড়িত।

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ পৰিকল্পনা নিৰন্তৰভাৱে বিফল কৰি আছে নিৰাপত্তা বাহিনীয়ে। বিগত সময়ছোৱাত নিৰাপত্তা বাহিনীয়ে ৬ জন লস্কৰ সন্ত্ৰাসবাদীক হত্যা কৰিছিল।

কাশ্মীৰত কুলগাম এনকাউণ্টাৰতো নিহত হৈছিল বেংক মেনেজাৰ বিজয় কুমাৰৰ হত্যাকাৰী।

শোপিয়ানত হোৱা এনকাউণ্টাৰত জোৱানসকলে দুজন সন্ত্ৰাসবাদীক হত্যা কৰে। দ্বিতীয়টো ডাঙৰ সফলতা পোৱা গৈছিল কুলগামত। ইয়াত কুজাৰ অঞ্চলত এজন সন্ত্ৰাসবাদীক ঘেৰাও কৰে নিৰাপত্তা বাহিনীয়ে।

লগতে চাওকঃ

অদ্ভূত ভালপোৱা! কয়দী মিজানুৰৰ মুক্তিৰ পিছত কাৰাগাৰৰ পৰা লগতে গুচি আহিল এহাল পাৰ চৰাই

mijanur