অসমীয়াঅসম

চাইকেলেৰে ঘৰলৈ গৈ থকাৰ সময়ত তীব্ৰবেগী বাইকৰ প্ৰচণ্ড খুন্দা! নিহত কৃতী শিক্ষক

নিউজ ডেস্কঃ চাইকেলেৰে গৃহাভিমুখে গৈ থকা সময়ত তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী শিক্ষকে। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে মৰিগাঁৱৰ জিলাৰ বাঘজাপত।

জানিব পৰা মতে, মৰিগাঁও-জাগীৰোড পথৰ বাঘজাপত শুকুৰবাৰে নিশা প্ৰায় ৮ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। নিশা চাইকেলেৰে কৃতি শিক্ষক বেণুধৰ ডেকাই ঘৰ অভিমুখে গৈ থকা সময়ত ডালমিয়া চিমেণ্ট ফেক্টৰীৰ সমীপত পিছফালৰ পৰা এএছ ২১এফ ৯৬৯০ নম্বৰৰ এখন তীব্ৰবেগী বাইকে তেওঁক মহতিয়াই লৈ যায়।

photo1655534866 1

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত শিক্ষকগৰাকীক লগে লগে গুৱাহাটীলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও ইতিমধ্যে মৃত্যু ঘটে বেণুধৰ ডেকাৰ। দুৰ্ঘটনাটোত আন এজন লোকো সামান্য পৰিমাণে আহত হয়।

ধৰমতুলস্থিত মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ শিক্ষক বেণুধৰ ডেকাৰ এনে অকাল মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। শিক্ষকগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৩ বছৰ।

ইফালে দুৰ্ঘটনাৰ পিছতে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাইকখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰিছে।

One thought on “চাইকেলেৰে ঘৰলৈ গৈ থকাৰ সময়ত তীব্ৰবেগী বাইকৰ প্ৰচণ্ড খুন্দা! নিহত কৃতী শিক্ষক”

Comments are closed.