অৰুণাচল প্ৰদেশঅসমীয়া

অভাৰলােড শিলভৰ্তি ডাম্পাৰসহ ভাগি পৰিল বেইলী দলং…

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশত বহু দুৰ্গম অঞ্চলৰ মাজত যাতায়ত ব্যৱস্থা সুগম কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা এখন বেইলী ব্ৰিজ অভাৰলােড শিলভৰ্তি ডাম্পাৰৰ বাবে বিধ্বস্ত হৈ পৰে।

জানিব পৰা মতে, বেইলী ব্ৰিজৰ নিৰ্ধাৰিত ক্ষমতাতকৈ অধিক ওজনৰ শিলভৰ্তি ডাম্পাৰ পাৰ হৈ গৈ থাকোঁতে ধেমাজী জিলাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ কিয়টি গাঁৱৰ কাষৰ নগঅপক নদীৰ ওপৰত থকা মেও-ধলা সংযোগী পথৰ বেইলী দলংখন ভাগি পৰে।

p5 8

ইয়াৰ ফলতে জিলাখনৰ পাছিঘাটৰ সৈতে পূব চিয়াং জিলাৰ অৰুণাচল-চীন সীমান্তৰ অঞ্চলবোৰৰ পথ সংযোগ বিচ্ছিন্ন হৈছে।

লগতে নামনি দিবাংভেলী আৰু শদিয়াৰ সৈতে পাছিঘাটৰ পৰা থকা পথ সংযোগো বিচ্ছিন্ন হৈছে।

এই দলংখনে সংযোগ কৰা পথটো সীমান্তৰ সুৰক্ষাৰ দিশৰপৰা অতি গুৰুত্বপূৰ্ণ।

এই দলংখন ভগাৰ বাবে কিয়টি, বৰগুলি, চেৰোম, কংগকুল, নামচিং, মিৰ, গাড়ুন গাঁৱৰ সৈতে পূব চিয়াং জিলাৰ সদৰ পাছিঘাট আদিৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে, যাৰ ফলত দুৰ্ভােগ ভুগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলৰ জনসাধাৰণ।

লগতে চাওকঃ

আলফা স্বাধীনৰ ভিতৰত ডজনৰো অধিক সেনা-আৰক্ষীৰ গুপ্তচৰ! বিস্ফোৰক দাবী আলফা স্বাধীনৰ

G5 15

Leave a Reply

Your email address will not be published. Required fields are marked *