অসমঅসমীয়া

বশিষ্ঠ মন্দিৰৰ পৰা শতিকা প্ৰাচীন শিৱলিংগ আৰু সৰ্পমূৰ্তি চুৰি কৰি গ্ৰেপ্তাৰ পতি-পত্নী

নিউজ ডেস্ক। বশিষ্ঠ মন্দিৰৰ পৰা শতিকাপ্ৰাচীন শিৱলিংগ আৰু সৰ্পমূৰ্তি চুৰি কৰি গ্ৰেপ্তাৰ হ’ল এহাল দম্পতী।

আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই দম্পতীহালক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি হোৱা ধাতুৰ শিৱলিংগ আৰু সৰ্পমূৰ্তি দুটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ধৃত স্বামী-স্ত্ৰী হালক বিহাৰৰ মুকেশ সাহানী আৰু নগাঁৱৰ সৰস্বতী বৰা বুলি চিনাক্ত কৰা হৈছে।

G4 21

জানিব পৰা মতে, বুধবাৰে বিয়লি মুকেশ আৰু সৰস্বতী নামৰ দম্পতীহালে বশিষ্ঠ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু সুযোগ বুলি ধাতুৰ শিৱলিংগ আৰু দুই সৰ্পমূৰ্তি চুৰি কৰে।

ইফালে পৰৱৰ্তী সময়ত মন্দিৰৰ পূজাৰীয়ে শতিকাপ্ৰাচীন শিৱলিংগ আৰু সৰ্পমূৰ্তি যথাস্থানত নেদেখি এই বিষয়ে আৰক্ষীক অৱগত কৰে।

তাৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই পতি-পত্নীহালক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি সম্পদসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, অসম চৰকাৰে বশিষ্ঠ মন্দিৰক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্যন্ত এটা চিচি টিভি কেমেৰাও মন্দিৰ চৌহদত স্থাপন নোহোৱাত প্ৰায়ে মন্দিৰত চুৰি কাণ্ড সংঘটিত হৈ অহাৰ অভিযোগ কৰিছে ভক্ত আৰু পূজাৰীয়ে।

লগতে চাওকঃ

আলফা স্বাধীনৰ ভিতৰত ডজনৰো অধিক সেনা-আৰক্ষীৰ গুপ্তচৰ! বিস্ফোৰক দাবী আলফা স্বাধীনৰ

G5 15

Leave a Reply

Your email address will not be published. Required fields are marked *