অপহৃত গাঁও বুঢ়াক উদ্ধাৰ, সংঘৰ্ষত নিহত NSCN-K(YA) ৰ ৩ দুৰ্ধৰ্ষ উগ্ৰপন্থী

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ লংডিং আৰক্ষীৰ তথা ষষ্ঠ অসম ৰাইফলছে চলােৱা এক অভিযানত নিহত হৈছে নিষিদ্ধ এন এছ চি এন-কে(ৱাই এ) উগ্ৰপন্থী সংগঠনৰ তিনিজনকৈ উগ্ৰপন্থী।

জানিব পৰা মতে, উগ্ৰপন্থীৰ দলটােৱে যােৱা ১৪ নৱেম্বৰত অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ গাওঁখনৰ পৰা এজন অসামৰিক লোকৰ সৈতে লাহু গাঁৱৰ মুৰব্বীক অপহৰণ কৰিছিল।

G01

জানিব পৰা মতে, ১৪ নৱেম্বৰৰ নিশা ৮ বজাত নিষিদ্ধ সংগঠন এন এছ চি এন-কে(ৱাইএ)ৰ ৫-৬ জনীয়া দুৰ্ধৰ্ষ সশস্ত্ৰ বিদ্ৰোহীৰ এটা দল লাহু গাঁৱত প্ৰৱেশ কৰি গাওঁখনৰ মুৰব্বী ৰানৱাং লোয়াং আৰু লাহু গাঁৱৰ প্ৰাক্তন এএছএম চুনৱাং হাকুনক অপহৰণ কৰিছিল।

দলটোৱে অপহৰণৰ সময়ত লাহু গাঁৱত ধনদাবী পত্ৰও দিছিল কৰিছিল য’ত তেওঁলােকৰ মুক্তিৰ বিনিময়ত ৭ লাখ টকা বিচাৰিছিল।

G01

এই অপহৰণৰ কাণ্ডৰ তথ্য লাভ কৰি ৬ ষ্ঠ অসম ৰাইফলছে আৰু লংডিং আৰক্ষীৰ সৈতে অভিযান চলাই সােমবাৰে অপহৰণকাৰীৰ কবলৰ পৰা লােক দুজনক উদ্ধাৰ কৰে।

এই সংঘৰ্ষত নিহত হয় অপহৰণকাৰী দলটােৰ ৩ টাকৈ উগ্ৰপন্থী।

ঘটনাস্থলীৰ পৰা মাৰণাস্ত্ৰাও জব্দ কৰে অভিযানকাৰী দলটােৱে।

Leave a Comment