ৰাষ্ট্ৰীয়

গোধন সেৱাঃ অসুস্থ গৰুৰ বাবে ডিচেম্বৰ মাহৰ পৰা ২৪ ঘণ্টাই থাকিব এম্বুলেন্স সেৱা…

গুৰুতৰভাৱে অসুস্থ হৈ পৰি থকা গৰুৰ বাবে লোৱা হৈছে বিশেষ পদক্ষেপ।

অসুস্থ গৰুৰ বাবে ডিচেম্বৰ মাহৰ পৰা ২৪ ঘণ্টাই থাকিব এম্বুলেন্স সেৱা।

গোধন সেৱাৰ লক্ষ্যৰে এই ঘোষণা কৰিছে উত্তৰপ্ৰদেশ চৰকাৰে।

ৰাজ্যখনৰ পশুধন আৰু উদ্যান শস্য বিভাগৰ মন্ত্ৰী এল এন চৌধুৰীয়ে এই বিশেষ ঘোষণা কৰে।

ইতিমধ্যে এই ২৪ ঘণ্টীয়া এম্বুলেন্স সেৱাৰ বাবে ৫১৫ খন এম্বুলেন্সৰ ব্যাৱস্থা কৰিছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

আনহাতে, প্ৰতিখন এম্বুলেন্সতে থাকিব একোজনকৈ পশু চিকিৎসকৰ লগতে এজন সহযোগী।

ইপিনে, অসুস্থ হৈ পৰা গৰুৰ গৰাকীয়ে গৰুৰ অসুস্থতাৰ খবৰ ফোনযোগে জনোৱাৰ পাছতে মাত্ৰ ১৫-২০ মিনিটৰ ভিতৰত এম্বুলেন্সখন উক্তস্থানত উপস্থিত হ’ব বুলি চৌধুৰীয়ে মত প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *