মিজােৰামঅসমীয়া

অন্ত্যেষ্টিক্ৰিয়া অংশ গ্ৰহণ কৰিবলৈ গৈ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ মহিলাসহ ৫ জনৰ, আহত ১১

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা।

আত্মীয়ৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ গৈ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল মহিলাসহ ৫ জনৰ।

গুৰুতৰভাৱে আহত হ’ল ১১ জনকৈ লােক।

এই দুৰ্ঘটনা সােমবাৰে পুৱা সংঘটিত হয় মিজােৰামৰ পূব প্ৰান্তৰ খাওজল জিলাৰ ৰাবুংগ গাঁৱত।

G1

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এখন পিক-আপ ট্ৰাকত উঠি ১৯ জনকৈ লােকে অন্তেষ্টিক্ৰিয়া অংশগ্ৰহণৰ উদ্দেশ্য ৰাওনা হৈছিল।

যাত্ৰাপথতে পুৱা ৯.৩੦ মান বজাত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰে।

এই দুৰ্ঘটনাত তিনিগৰাকী মহিলাসহ পাঁচজন লোক নিহত হয় আৰু ১১ জন আহত হয়।

গাড়ীখনৰ ব্ৰেক বিকল হোৱাৰ বাবেই এই দুৰ্ঘটনাটাে সংঘটিত হােৱা বুলি অনুমান কৰা হৈছে।

ঘটনাস্থলীত চাৰিজন লোকৰ মৃত্যু হয়, আনহাতে আন এজনে ৰাবুং ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে।

আহতসকল চিকিৎসাধীন হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *