অৰুণাচল প্ৰদেশ

অচিৰেই চীনৰ PLAই ঘূৰাই পঠাব অৰুণাচলৰ সন্ধানহীন কিশোৰ মীৰাম তাৰাউনক…

অচিৰেই চীনৰ PLAই ঘূৰাই পঠাব অৰুণাচলৰ সন্ধানহীন কিশোৰ মীৰাম তাৰাউনক।

ভাৰত-চীন সীমান্তত যোৱা ১৮ জানুৱাৰীত সন্ধানহীন হৈছিল অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰীৰ জিৰ’ গাঁৱৰ ১৭ বছৰীয়া কিশোৰ মীৰাম তাৰাউন।

অৰুণাচল প্ৰদেশৰ জিৰ’ গাঁৱৰ এজন কিশোৰ ভাৰত-চীন সীমান্তৰ নিয়ন্ত্ৰণ ৰেখা পাৰ হোৱাৰ পিছত পিএলএই কৰায়ত্ত কৰা বুলি যোৱা ২০ জানুৱাৰীত ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছিল।

ইয়াৰ পিছতে ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা চীনৰ পিএলএ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা হৈছিল আৰু পিএলএৰ তৰফৰ পৰা কিশোৰজনৰ অৱস্থিতি নিশ্চিত কৰি যাৱতীয় প্ৰক্ৰিয়াৰ দ্বাৰা কিশোৰজনক ভাৰতীয় সেনাক গতাই দিয়াৰ নিশ্চিতি প্ৰদান কৰা হৈছিল।

ইতিমধ্যে চীনা সৈন্যই অৰুণাচল প্ৰদেশৰ পৰা সন্ধানহীন হোৱা ১৭ বছৰীয়া কিশোৰজনৰ অৱস্থিতি নিশ্চিত কৰিছে৷

ইতিমধ্যে সেনাৰ পৰ্যায়ত চীনৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা হৈছিল আৰু প্ৰটকল অনুসৰি কিশোৰজনক ঘূৰাই অনাৰ প্ৰক্ৰিয়া চলি থকাৰ বিষয়ে জানিবলৈ দিয়ে তেজপুৰৰ ডিফেন্স পিআৰঅ’ লেঃ কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেই৷

কিশোৰজনক ওভতাই পঠোৱাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু প্ৰায় এসপ্তাহৰ ভিতৰত পিএলএ কৰ্তৃপক্ষই কিশোৰজনক ভাৰতলৈ ঘূৰাই পঠাব বুলি প্ৰকাশ কৰিছে ভাৰতীয় সেনা বাহিনীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *