অসম

আজি প্ৰদান কৰা হ’ব অসম গৌৰৱ, অসম সৌৰভ, অসম বৈভৱ বঁটা…

আজি অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’ব অলংকৰণ অনুষ্ঠান।

প্ৰথমবাৰৰ বাবে সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ’ব ৰাজ্য চৰকাৰে ঘোষণা কৰা বঁটাসমূহ।

ক’ভিড পৰিস্থিতিৰ বাবে সীমিত লোকৰ উপস্থিতিৰে হ’বলগীয়া অনুষ্ঠানত প্ৰদান কৰা হ’ব অসম গৌৰৱ, অসম সৌৰভ, অসম বৈভৱ বঁটা।

ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ প্ৰদান কৰা হ’ব উদ্যোগপতি ৰতন টাটাক।

অৱশ্যে অনুষ্ঠানত শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত নাথাকে উদ্যোগপতি ৰতন টাটা। ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি জনাইছে ৰতন টাটাই।

লগতে অনুষ্ঠানত উপস্থিত নাথাকে অসম সৌৰভ বঁটাপ্ৰাপক ডাঃ দীপক জৈন।

বিয়লি ৩বজাত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে প্ৰদান কৰিব ৰাজ্যিক অসামৰিক বঁটাসমূহ।

Leave a Reply

Your email address will not be published. Required fields are marked *