শ্বিলঙত বৰফাবৃত্ত পুলত সাঁতুৰি নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি ফৰেভাৰ ইয়ঙৰ

নিউজ ডেস্ক। নৱবৰ্ষ উদযাপনৰ বাবে এতিয়া অপেক্ষাৰত বিশ্ববাসী।

পাৰ হৈ যোৱা দুঃসময়ৰ স্মৃতি পাহৰি সকলোৱে নতুন উদ্যম আৰু পৰিকল্পনাৰে এটা নতুন বছৰত ভৰি দিয়াৰ প্ৰস্তুতি চলাইছে। কিন্তু আহিবলগা বছৰটোতো কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হবলগা হয়, সেয়া কোনে জানে?

আহিবলগীয়া বছৰত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ শক্তি বিচাৰি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ মেঘালয়ৰ এটা সংস্থাই প্ৰতি বছৰে শেষৰ দিনটোত অনুষ্ঠিত কৰি আহিছে এক অভিনৱ অনুষ্ঠানৰ।

২০২২ৰ প্ৰাকক্ষণতো ফৰেভাৰ ইয়ঙ নামৰ সংস্থাটোৱে এনে এক অভিনৱ অনুষ্ঠানৰ আয়োজন কৰিছে।

২০২১ৰ শেষৰটো দিন অৰ্থাৎ ৩১ ডিচেম্বৰত ফৰেভাৰ ইয়ঙে ক্ৰিনোলাইন চুইমিং পুলত আয়োজন কৰিছে ২৪ সংখ্যক মিডনাইট চুইমৰ।

photo-2021-12-21-16-23-17

অনুষ্ঠানটোত অংশগ্ৰহণকাৰী সকলে ৩১ ডিচেম্বৰৰ নিশা ক্ৰিনোলাইন চুইমিং পুলত বৰফৰ মাজত সাতুৰিব লাগিব। ইয়াৰ বাবে পুলৰ ভিতৰত চাৰে পাঁচ টন বৰফৰ টুকুৰা ৰখা হব বুলি জানিবলৈ দিয়ে আয়োজকসকলে।

আনহাতে, অংশগ্ৰহণকাৰীসকলক অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ পূৰ্বে কোনো ধৰণৰ নিচাযুক্ত দ্ৰব্য গ্ৰহণ নকৰিবলৈ অনুৰোধ কৰা হৈছে। অন্যথা এই অনুষ্ঠানত অংশ লব নোৱাৰিব।

ফৰেভাৰ ইয়ংৰ সাধাৰণ সম্পাদক এম থাবাহে জনায় যে ইষ্ট খাচী হিলছৰ উপ আয়োগৰ নিৰ্দেশনা অনুসৰি, কেৱল কোভিডৰ দুয়োপালি টিকাকৰণ সম্পূৰ্ণ কৰা সকলকহে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হ’ব।

Leave a Comment