fbpx
ৰাষ্ট্ৰীয়অসমীয়া

পুত্ৰৰ জীৱন বচাবলৈ খালী হাতেৰেই নাহৰফুটুকীৰ সৈতে যুঁজ পিতৃৰ, কৰিলে প্ৰাণৰক্ষা

নিউজ ডেস্ক। পুত্ৰৰ জীৱন বচাবলৈ খালী হাতেৰেই নাহৰফুটুকীৰ সৈতে যুঁজ দিলে পিতৃয়ে। বাঘৰ মুখত প্ৰচণ্ড ঘোচা দি পিতৃয়ে ৰক্ষা কৰিলে পুত্ৰৰ জীৱন।

এই দুঃসাহসিক কাৰ্যই এতিয়া চৰ্চা লাভ কৰিছে সৰ্বত্ৰে। স্বাধীনোত্তৰ কালত হাতেৰেই ঘুচিয়াই প্ৰকাণ্ড বাঘক পৰাভূত কৰা স্বাধীনতা সেনানী যতীন্দ্ৰনাথ মুখাৰ্জী ওৰফে বাঘা যতীনৰ সৈতে তুলনা কৰা হৈছে এইগৰাকী সাহসী পিতৃক।

G4 14

ঘটনা আচলতে পশ্চিমবংগৰ অন্যতম পৰ্যটন কেন্দ্ৰৰূপে পৰিচিত ডোৱাৰছৰ।

ডোৱাৰছৰ চাহ বাগিচাৰ মাজেৰে সূৰজ লোহাৰ নামৰ ব্যক্তিজনে তেওঁৰ ৫ বছৰীয়া পুত্ৰ অনুজৰ সৈতে চাইকেলেৰে গৈ থকাৰ সময়ত তেওঁলোকৰ সন্মুখত উপস্থিত হয় এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ।

সূৰজ লোহাৰৰ চাইকেলৰ ওপৰত বাঘটোৱে আক্ৰমণ কৰিবলৈ উদ্যত হওতেই তেওঁ জোৰে চাইকেলৰ পেডেল ঘূৰোৱাত চাইকেলত বহি থকা পুত্ৰ অনুজ চিটিকি পৰে।

বাঘটোৱে এইবাৰ কণমানিটোৰ ফালে আগবাঢ়ি অহাত পিতৃ সূৰজে খালী হাতেৰেই বাঘৰ সৈতে যুঁজত লিপ্ত হয়। পুত্ৰক বচাবলৈ তেওঁ বাঘৰ মুখত উপৰ্যুপৰি ঘোচা শোধায়। সেই সময়ত বাঘটোৱেও ব্যক্তিজনৰ ওপৰত আক্ৰমণ চলায়।

কিন্তু এগৰাকী পিতৃৰ আক্ৰমণত যেন অৱশেষত হাৰ মানিবলৈ বাধ্য হৈ পৰে নাহৰফুটুকীটোৱে। সূৰজ লোহাৰৰ ঘোচা খাই সেই স্থানৰ পৰা পলায়ন কৰে বাঘটোৱে।

বাঘৰ আক্ৰমণত আহত সূৰজ বৰ্তমান সুলাকপাৰা গ্ৰাম্য চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। চিকিৎসকে সদৰী কৰা মতে, তেওঁ ক্ৰমাৎ আৰোগ্য হৈ উঠিছে। কিন্তু এটা বাঘৰ সৈতে খালী হাতেৰে যুঁজ দি পুত্ৰৰ জীৱন ৰক্ষা কৰা সূৰজ লোহাৰক লৈ এতিয়া সমগ্ৰ অঞ্চলজুৰি চৰ্চা চলিছে। সকলোৱে তেওঁক প্ৰকৃত নায়ক আখ্যা দিছে।

লগতে চাওকঃ

বিমান বন্দৰত পৰীক্ষা কৰা হ’ল জ্যষ্ঠ IPS বিষয়াৰ ছ্যুটকেছ, ভিতৰত থকা বস্তু দেখি হতভম্ব সকলো

G3 19

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!