ৰাষ্ট্ৰীয়অসমীয়া

বিমান বন্দৰত পৰীক্ষা কৰা হ’ল জ্যষ্ঠ IPS বিষয়াৰ ছ্যুটকেছ, ভিতৰত থকা বস্তু দেখি হতভম্ব সকলো

নিউজ ডেস্ক। বিমান বন্দৰত এগৰাকী আইপিএছ বিষয়াৰ ছ্যুটকেছ খুলি আচম্বিত হৈ পৰিল সকলো।

ছ্যুটকেছৰ ভিতৰত যি দেখিলে, সেয়া দেখি চকু থৰ লাগিল বিমান বন্দৰত উপস্থিত থকা নিৰাপত্তাৰক্ষী আৰু আন আন কৰ্মচাৰীৰ।

সামাজিক মাধ্যমত এতিয়া দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে এই ঘটনা।

p2 11

অৰুণ বােথ্ৰা, IPS

দৰাচলতে এই ঘটনা জয়পুৰ বিমান বন্দৰৰ।

উৰিষ্যাৰ পৰিবহন আয়ুক্ত অৰুণ বোথ্ৰাই ৰাজস্থানৰ পৰা বিমানেৰে পুনৰ উৰিষ্যালৈ উভতি অহাৰ পথত জয়পুৰ বিমান বন্দৰত তেওঁৰ ছ্যুটকেছটো এক্স-ৰে স্কেনাৰেৰে পৰীক্ষা কৰা হয়।

FN K8FLaAAIiws4

কিন্তু তাৰ পিছতো ছ্যুটকেছটোক লৈ কৰ্তব্যৰত নিৰাপত্তাৰক্ষীৰ সন্দেহ ওপজাত আইপিএছ বিষয়াগৰাকীক ছ্যুটকেছটো খুলি দেখুৱাবলৈ কয় নিৰাপত্তাৰক্ষীয়ে।

নিয়ম সকলোৰে বাবে সমান। সেয়ে উপায়ন্তৰ হৈ ছ্যুটকেছটো খুলি দেখুৱাবলৈ বাধ্য হৈ পৰে আইপিএছ অৰুণ বোথ্ৰাই।

কিন্তু ছ্যুটকেছটো খোলাৰ পিছতে হতভম্ব হৈ পৰে সকলো।

দৰাচলতে আইপিএছ বিষয়াগৰাকীয়ে ছ্যুটকেছৰ ভিতৰত ভৰাই লৈ আনিছিল ১০ কেজি কেঁচা মটৰ।

ৰাজস্থানত কম দামত পাই তেওঁ ক্ৰয় কৰি আনিছিল মটৰখিনি।

p3 9

আইপিএছ বিষয়াগৰাকীয়ে নিজেই সেই ছ্যুটকেছৰ ফটো শ্বেয়াৰ কৰিছে টুইটাৰত।

তেওঁ জানিবলৈ দিয়া মতে, ৪০ টকা প্ৰতি কেজি দৰত তেওঁ ক্ৰয় কৰি আনিছিল কেঁচা মটৰখিনি।

লগতে চাওকঃ

‘পুষ্পা’ৰ গীতৰ তালে তালে আৰক্ষীৰ বেণ্ডৰ সংগীতৰ লহৰ, ভাইৰেল ভিডিঅ’

G9 3

Leave a Reply

Your email address will not be published. Required fields are marked *