অৰুণাচল প্ৰদেশ

ড্ৰাগছ্ সৰবৰাহত জড়িত অসমৰ দম্পতীক গ্ৰেপ্তাৰ ইটানগৰত

নিউজ ডেস্ক। ড্ৰাগছ সৰবৰাহত জড়িত অসমৰ এক দম্পতীক গ্ৰেপ্তাৰ কৰে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে।

অৰুণাচল প্ৰদেশৰ ইটানগৰত দুয়োকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ইটানগৰৰ ডনি পল’ কলনীৰ যুৱকক ড্ৰাগছ যোগান ধৰি থকা অৱস্থাত হাতে লুটে ধৰা পেলাই দুয়োকে।

জানিব পৰা মতে, কলনীৰ যুৱ সংস্থাৰ সদস্যই ড্ৰাগছ যোগান ধৰা প্ৰত্যক্ষ কৰি আটক কৰে দুয়োকে।

আটক কৰা এজন সৰবৰাহকাৰীক কৃষান ৰয় বুলি চিনাক্ত কৰা হয়।

ডনি পল’ যুৱ সংস্থাৰ সভাপতিয়ে জনোৱা অনুসৰি, দম্পতীদ্বয়ে সঘনে কলনীলৈ আহি থাকে। তেওঁলোকে মটৰ চাইকেলতহে আহে। আৰু প্ৰতিখন দোকানলৈ তেওঁলোক যায়।

সেয়েহে সংস্থাৰ সদস্যই এই কাৰ্যক সন্দেহ কৰে আৰু সোধা পোচা কৰে। তেতিয়াই তেওঁলোকৰ লগত ড্ৰাগছ ধৰা পৰে। লগে লগে সংস্থাই দুয়োকে গতাই দিয়ে আৰক্ষীক।

উল্লেখ্য যে আৰক্ষীয়ে সৰবৰাহকাৰীৰ পৰা এটা ড্ৰাগছ কণ্টেইনাৰ জব্দ কৰে। যিখিনিক ব্ৰাউন চুগাৰ বুলি সন্দেহ কৰা হৈছে।

ইয়াৰোপৰি তেওঁলোকৰ পৰা দুটা মোবাইল ফোন আৰু চিৰিঞ্জ জব্দ কৰে।

Related Articles

Leave a Reply

Back to top button