সলনি হ’ল দেশৰ সৰ্ব্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ নাম…

সলনি হ’ল দেশৰ সৰ্ব্বোচ্চ ক্ৰীড়া সন্মানৰ নাম।

এতিয়াৰে পৰা ‘ৰাজীৱ গান্ধী খেলৰত্ন বঁটা’ পৰিচিত হ’ব ‘ধ্যান চান্দ বঁটা’ হিচাপে।

কেন্দ্ৰীয় চৰকাৰে শুক্ৰবাৰে এই ক্ষেত্ৰত লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে এটা টুইটযোগে এই কথা ঘোষণা কৰে।

তেওঁ টুইটটোত কয়, ‘খেল ৰত্ন বঁটাটি মেজৰ ধ্যান চন্দৰ নামেৰে নামকৰণ কৰাৰ বাবে মই দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ পৰা অনুৰোধ পাইছো। সেই অনুৰোধ আৰু তেওঁলোকৰ অনুভূতিক সন্মান জনাই খেল ৰত্ন বঁটাটি মেজৰ ধ্যান চন্দ নামেৰে নামাকৰণ কৰা হয়।’

ৰাজীৱ গান্ধী খেলৰত্ন বঁটা হৈছে ক্ৰীড়াক্ষেত্ৰৰ বিভিন্ন উপলব্ধিৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সন্মান।

১৯৯১-৯২ চনত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল।

উল্লেখযোগ্য যে, ২৯ আগষ্টৰ দিনটোক ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। বিস্ময়কৰ হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকীৰ এই বিশেষ দিনটোত উদযাপন কৰা হয় এই দিৱস।

ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত ধ্যানচান্দে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতিবছৰে ২৯ আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়।

এই ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি ক্ৰীড়াৰ ক্ষেত্ৰত পদক অৰ্জন কৰি দেশলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈসকলক প্ৰতিবছৰে এই বঁটা সন্মান হিচাপে প্ৰদান কৰা হয়।

Leave a Comment