আৰক্ষীৰ ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰি ৰঙাঘৰৰ আলহী মাদ্ৰাছাৰ শিক্ষক

নিউজ ডেস্ক। এইবাৰ অসম আৰক্ষীত নিযুক্তিৰ ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰি ৰঙাঘৰৰ আলহী হ’ল এজন শিক্ষক।

কামৰূপ জিলাৰ ছয়গাঁৱত সংঘটিত হৈছে এই ঘটনা।

উক্ত ঘটনা সন্দৰ্ভত ছয়গাঁও আৰক্ষীয়ে এক অভিযান চলাই কালাতলীৰ পৰা মইনুল খান নামৰ এজন মাদ্ৰাছাৰ শিক্ষকক আটক কৰিবলৈ সক্ষম হয়।

অৱশ্যে, এই পৰ্যন্ত আৰক্ষীয়ে এই বিষয়ে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইতিমধ্যে ধৃত লোকজনক ছয়গাঁও প্ৰাথমিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি অধিক তদন্তৰ বাবে ছয়গাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিব বুলি জানিব পৰা গৈছে।

এই সমগ্ৰ ঘটনাৰ লগত অধিক লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

উক্ত ঘটনা সম্পৰ্কে আৰক্ষীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই যদিও সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ পিছতহে ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব।

Leave a Comment