কাৰোৰে সময় নাই! পিতৃৰ মৃতদেহ ওচৰত প্ৰায় ৩/৪ ঘন্টা ধৰি ফুটপাথতে বহি ৰ’ল অসহায় পুত্ৰ…

অভিজাত মহানগৰবাসীৰ যেন হেৰাই গৈছে মানৱীয়তা, কাৰোৰে হাতত আনক সহায় কৰিবলৈ নাই অকনো সময়।

মহানগৰৰীৰ গুৱাহাটী মেডিকেল কলেজৰ সন্মুখত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা।

দেওবাৰে দিনৰ ভাগতে গুৱাহাটী মেডিকেল কলেজৰ সন্মুখৰ ফুটপাথত পুত্ৰৰ সৈতে বাস কৰা প্ৰণৱ চন্দ্ৰ দাস নামৰ লোকজনৰ মৃত্যু ঘটে।

কিন্তু দৰিদ্ৰ হোৱাৰ বাবেই পুত্ৰই পিতৃৰ মৃতদেহৰ কাষত বহি ৰ’ব লগা হ’ল প্ৰায় ৪ ঘন্টা সময়।

ৰাজপথেৰে যোৱা বহু মানুহে মৃতদেহটো চাই গ’ল। কিন্তু কোনেও নাহিল সহায় বাবে আগবাঢ়ি।

ব্যস্ত মহানগৰীৰ কোনো এজন লোক আগবাঢ়ি নাহিল দুৰ্ভগীয়া লোকজনক সহায় কৰিবলৈ।

সন্ধিয়া সময়ত সাংবাদিকৰ দল এটাক দেখি খবৰ দিলে পুত্ৰ জনে।

অৱশেষত সাংবাদিকৰ দলটোৰ সহায়ত এতিয়া ভঙাগড় আৰক্ষীয়ে প্ৰেৰণ কৰিছে মৃতদেহটো সৎকাৰৰ বাবে।

উল্লেখ্য যে, দুৰ্ভগীয়া প্ৰণৱ দাস পুত্ৰৰ সৈতে বিগত এবছৰ ধৰি উক্ত স্হানতে আছিল।

গীতানগৰত থকা নিজৰ ঘৰবাৰী বেংকে লৈ লোৱাৰ বাবেই ফুটপাথত থাকিব লগা হৈছিল বুলি জানিব পৰা গৈছে।

Leave a Comment