শোকাবহ! সমনীয়াৰ সৈতে গা ধুবলৈ গৈ সলিল সমাধি ২২ বৰ্ষীয় সুমনৰ, অলপতে লাভ কৰিছিল চৰকাৰী চাকৰি…

নিউজ ডেস্কঃ সমনীয়াৰ সৈত ফুৰিবলৈ গৈ জলপ্ৰপাতত গা ধুবলৈ নমাৰ পিছতে সলিল সমাধি ঘটিল অলপতে ৰাজ্য চৰকাৰৰ পৰা নিযুক্তি লাভ কৰা এজন চফল যুৱক।

পলাশবাৰী থানাৰ অন্তৰ্হত বাৰেগাঁৱত মঙলবাৰে সংঘটিত এই ঘটনাৰ পিছতে অঞ্চলটোত শোকে বিৰাজ কৰিছে।

নিহত যুৱকজনক মিৰ্জাৰ গোপালপুৰ নিৱাসী সুমন কলিতা (২২) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, মঙলবাৰে সুমন কলিতাই সমনীয়াৰ সৈতে ফুৰিবলৈ গৈ বাৰেগাঁৱৰ জলপ্ৰপাতত গা ধুবলৈ নামিছিল।

সেই সময়তে যুৱকজন পানীৰ কোবাল সোঁতত উটি যায়।

image 36
শোকাবহ! সমনীয়াৰ সৈতে গা ধুবলৈ গৈ সলিল সমাধি ২২ বৰ্ষীয় সুমনৰ, অলপতে লাভ কৰিছিল চৰকাৰী চাকৰি… 2

যুৱকজন উটি যোৱা দেখি সমনীয়াই উদ্ধাৰৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয়।

পিছত ঘটনাস্থলীত পলাশবাৰী আৰক্ষী থানাৰ অ’চি ৰাজীৱ কুমাৰ নাথসহ আৰক্ষীৰ এটা দল উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

জানিব পৰা মতে, অলপতে ঘোষণা হোৱা অসম চৰকাৰীৰ নিযুক্তি ফলাফলত সুমন কলিতাইও চৰকাৰী চাকৰি লাভ কৰিছিল।

কিন্তু যুৱকজনৰ এনে আকস্মিক মৃত্যুৱে এতিয়া পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।