হৃদয় বিদাৰক! বহিঃৰাজ্যত মাছ মাৰিবলৈ গৈ অকাল মৃত্যু বকুলৰ, পুত্ৰশোকত দগ্ধ মাতৃয়েও হেৰুৱালে প্ৰাণ…

নিউজ ডেস্কঃ বহিঃৰাজ্যত পুত্ৰৰ মৃত্যুৰ বাতৰি লাভ কৰি শোকদগ্ধ মাতৃয়েও হেৰুৱালে প্ৰাণ।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে শোণিতপুৰ জিলাৰ মণিজাৰনিত।

জানিব পৰা মতে, মণিজাৰনিৰ নিৱাসী বকুল বড়ো নামৰ যুৱকজনে কৰ্মৰ খাতিৰত চেন্নাইলৈ গৈছিল।

তাতেই দুদিন পূৰ্বে বন্ধুৰ সৈতে মাছ মাৰিবলৈ গৈ মৃত্যুক সাৱটি লয় যুৱকজনে।

ইফালে বকুল বড়োৰ এনে আকস্মিক মৃত্যুৰ খবৰ লাভ কৰি শোকত ভাগি পৰে তেওঁৰ পৰিয়াল।

পুত্ৰৰ মৃত্যুৰ বতৰাই মানসিকভাৱে ভাগি পেলোৱা বকুলৰ মাতৃ চম্পা বড়োৰো সোমবাৰে নিশা আকস্মিকভাৱে মৃত্যু ঘটে।

ইফালে এতিয়াও চেন্নাই পৰা স্বগৃহলৈ আহি পোৱা নাই বকুল বড়োৰ মৃতদেহ।

মাতৃ-পুত্ৰৰ এনে আকস্মিক মৃত্যুৱে পৰিয়ালৰ লগতো সমগ্ৰ অঞ্চলটোতে শোকৰ বন্যা নমাইছে।