নিউজ ডেস্কঃ দেশৰ ৰাজনৈতিক ইতিহাসত এক বিৰল আৰু তাৎপৰ্যপূৰ্ণ অধ্যায়ৰ সূচনা কৰি বুধবাৰে দেশৰ শীৰ্ষ আদালতত এক নতুন ৰূপত অৱতীৰ্ণ হ’ব পাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। নিৰ্বাচন আয়োগে ৰাজ্যখনত চলোৱা ভোটাৰ তালিকাৰ সংশোধনী প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ ওপৰত তেওঁ নিজেই আইনী যুক্তি প্ৰদৰ্শন কৰিবলৈ অনুমতি বিচাৰিছে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তৃণমূল নেত্ৰীগৰাকীৰ এই আকস্মিক পদক্ষেপে এতিয়া সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰে।
প্ৰাপ্ত তথ্য অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চতম ন্যায়ালয়ত ব্যক্তিগতভাৱে উপস্থিত থাকি নিজৰ বক্তব্য ৰাখিবলৈ এখন অন্তৱৰ্তীকালীন আবেদন দাখিল কৰিছে। প্রধান ন্যায়াধীশ সূর্যকান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ সন্মুখত তেওঁ বুধবাৰে অধিবক্তাৰ দলটোৰ সৈতে উপস্থিত থাকিব। আইনৰ স্নাতক মমতা বেনাৰ্জীয়ে আবেদনত উল্লেখ কৰে যে যিহেতু তেওঁ এই গোচৰৰ মুখ্য আবেদনকাৰী আৰু তৃণমূল স্তৰৰ বাস্তৱ পৰিস্থিতিৰ সৈতে গভীৰভাৱে পৰিচিত, সেয়েহে তেওঁ নিজেই পক্ষ সমৰ্থন কৰিব বিচাৰে।
মুখ্যমন্ত্ৰীগৰাকীৰ মূল দাবী হৈছে যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচন বৰ্তমানৰ ভোটাৰ তালিকাৰ আধাৰতে অনুষ্ঠিত হ’ব লাগে। নিৰ্বাচন আয়োগৰ নতুন সংশোধনী প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাৰক হাৰাশাস্তি কৰাৰ অভিযোগ তুলি তেওঁ নামৰ বানান বা সৰু-সুৰা বিসংগতিৰ বাবে ভোটাৰক ব্যক্তিগত শুনানিৰ বাবে মতাৰ বিৰোধিতা কৰে। মমতা বেনাৰ্জীৰ মতে, চৰকাৰী নথিৰ আধাৰত বিষয়াসকলে নিজেই এই সংশোধন কৰিব লাগে যাতে সাধাৰণ নাগৰিক অসুবিধাত নপৰে।
উচ্চতম ন্যায়ালয়ে মমতা বেনাৰ্জীক এগৰাকী অধিবক্তাৰ দৰে যুক্তি দাঙি ধৰিবলৈ অনুমতি দিয়ে নে নাই, সেয়া এতিয়া আটাইতকৈ চৰ্চিত বিষয় হৈ পৰিছে। বিৰোধীয়ে এই পদক্ষেপক নিৰ্বাচনী কৌশল বুলি অভিহিত কৰিছে যদিও শাসকীয় দলে ইয়াক ভোটাৰৰ অধিকাৰ সুৰক্ষাৰ এক বলিষ্ঠ পদক্ষেপ বুলি দাবী কৰিছে। বুধবাৰৰ এই শুনানিৰ পাছতে স্পষ্ট হ’ব যে পশ্চিমবংগৰ ভোটাৰ তালিকাৰ বিবাদ কোন দিশে গতি কৰিব।









