বন্দে ভাৰতৰ খাদ্য খাই অসুস্থ যাত্ৰী; মহিলাৰ অভিযোগক লৈ ৰে’ল বিভাগত তীব্ৰ চাঞ্চল্য

নতুন দিল্লীঃ প্ৰিমিয়াম ৰে’লৰ সেৱা আৰু খাদ্যৰ গুণগত মানক লৈ পুনৰবাৰ উত্থাপন হ’ল এক গুৰুতৰ অভিযোগ। বন্দে ভাৰত এক্সপ্ৰেছত যোগান ধৰা খাদ্য গ্ৰহণ কৰি ৰাঁচীৰ আয়ুষী সিং নামৰ এগৰাকী মহিলা ভয়াৱহ এলাৰ্জীত আক্ৰান্ত হোৱাৰ অভিযোগৰ পাছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মহিলাগৰাকীৰ অভিযোগ অনুসৰি যোৱা ২৭ মাৰ্চত ২২৫০০ নম্বৰৰ বন্দে ভাৰত এক্সপ্ৰেছৰ ই-১ ডবাত যাত্ৰা কৰাৰ সময়ত তেওঁ গ্ৰহণ কৰা খাদ্যৰ পাছতে অসুস্থ হৈ পৰে। একে সময়তে ডায়েৰিয়াত আক্ৰান্ত হয় তেওঁ সাত বছৰীয়া পুত্ৰও।

image 4
বন্দে ভাৰতৰ খাদ্য খাই অসুস্থ যাত্ৰী; মহিলাৰ অভিযোগক লৈ ৰে’ল বিভাগত তীব্ৰ চাঞ্চল্য 4

সামাজিক মাধ্যম এক্সত নিজৰ দুৰৱস্থাৰ কথা বৰ্ণনা কৰি আয়ুষী সিঙে কয় যে ৰে’লখনৰ খাদ্য গ্ৰহণ কৰাৰ পাছতেই তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। চিকিৎসকৰ মতে এই এলাৰ্জী প্ৰাণঘাতীও হ’ব পাৰিলেহেঁতেন।

নিজৰ অভিযোগৰ সত্যতা প্ৰমাণ কৰিবলৈ তেওঁ চিকিৎসালয়ৰ প্ৰেছক্ৰিপচন আৰু নিজৰ অসুস্থতাৰ আলোকচিত্ৰও ৰাজহুৱা কৰিছে। ৰে’ল কৰ্মচাৰীৰ দুৰ্ব্যৱহাৰ আৰু খাদ্যৰ নিম্নমানক লৈও তেওঁ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

image 2
বন্দে ভাৰতৰ খাদ্য খাই অসুস্থ যাত্ৰী; মহিলাৰ অভিযোগক লৈ ৰে’ল বিভাগত তীব্ৰ চাঞ্চল্য 5

ভুক্তভোগী মহিলাগৰাকীয়ে উল্লেখ কৰা মতে ৰে’লখনত যোগান ধৰা খোৱা পানীৰ সোৱাদো যথেষ্ট অস্বাভাৱিক আছিল। স্বচ্ছতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত ৰে’ল কৰ্তৃপক্ষই চৰম গাফিলতি কৰা বুলি তেওঁ অভিযোগ উত্থাপন কৰে। ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আই আৰ চি টি চিয়ে কয় যে সেইদিনা উক্ত ৰে’লখনৰ খাদ্য পৰীক্ষা কৰি সন্তোষজনক পোৱা গৈছিল। আন কোনো যাত্ৰীৰ পৰা খাদ্যৰ মানক লৈ তেনে কোনো অভিযোগ পোৱা হোৱা নাই বুলিও প্ৰতিষ্ঠানটোৱে দাবী কৰে।

image 3
বন্দে ভাৰতৰ খাদ্য খাই অসুস্থ যাত্ৰী; মহিলাৰ অভিযোগক লৈ ৰে’ল বিভাগত তীব্ৰ চাঞ্চল্য 6

আধুনিক আৰু দ্ৰুতবেগী বন্দে ভাৰত এক্সপ্ৰেছত যাত্ৰীসকলক উন্নত সা-সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হয় যদিও এনে ঘটনাই এতিয়া ৰে’ল যাত্ৰীসকলৰ মাজত গভীৰ শংকাৰ সৃষ্টি কৰিছে। আই আৰ চি টি চি এ নিজৰ স্থিতি স্পষ্ট কৰিলেও এগৰাকী যাত্ৰীৰ ব্যক্তিগত অভিজ্ঞতাই প্ৰিমিয়াম ৰে’লৰ কেটাৰিং সেৱাৰ প্ৰকৃত ছবিখনহে উদঙাই দিছে। ৰে’ল বিভাগৰ তৰফৰ পৰা যাত্ৰীৰ অভিযোগসমূহ সঠিকভাৱে নিষ্পত্তি কৰা আৰু খাদ্যৰ সুৰক্ষা নিশ্চিত কৰাটো এতিয়া সময়ৰ আহ্বান হৈ পৰিছে।

Leave a Comment