অসমীয়াৰাষ্ট্ৰীয়

কোন ‘সঞ্জয় বাৰ্মা’ৰ সৈতে ঘণ্টাৰ পিছত ঘণ্টাধৰি সোণমে কৰিছিল ফোনালাপ? আকৌ ৰহস্য…

নিউজ ডেস্কঃ ৰাজা ৰঘুবংশীৰ মধুচন্দ্ৰিকা হত্যাকাণ্ডত প্ৰতি দিনেই উন্মোচিত হৈছে ন ন তথ্য। সমগ্ৰ দেশ জোকাৰি যোৱা মেঘালয়ত স্বামী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ ঘটনাত এইবাৰ এণ্ট্ৰী ঘটিল আন এটা নাম ‘সঞ্জয় বাৰ্মা’ৰ। আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, হত্যাৰ পূৰ্বে স্বামীহন্তা সোণম ৰঘুবংশীয়ে ঘণ্টাৰ পিছত ঘণ্টাধৰি ফোনত বাৰ্তালাপ কৰিছিল অজ্ঞাত ‘সঞ্জয় বাৰ্মা’ৰ বিৰুদ্ধে। এই নতুন তথ্যই প্ৰথমে জল্পনা-কল্পনাৰ সৃষ্টি কৰিছিল যদিও মেঘালয় আৰক্ষীয়ে প্ৰকাশ কৰিছে যে ‘সঞ্জয় বাৰ্মা’ আচলতে সোণমৰ প্ৰেমিক ৰাজ কুশ্বৱাহাৰে নাম, যিয়ে ৰাজা ৰঘুবংশীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল।

আৰক্ষীৰ তথ্য অনুসৰি সন্দেহৰ পৰা হাত সাৰিবলৈ সোণমে ৰাজৰ নম্বৰটো ‘সঞ্জয় বাৰ্মা’ বুলি চেভ কৰিছিল। আৰক্ষীয়ে লাভ কৰা ৰেকৰ্ডত দেখা গৈছে যে ১ মাৰ্চৰ পৰা ৮ এপ্ৰিলৰ ভিতৰত ৩৯ দিনত সোণম আৰু সঞ্জয়ৰ মাজত ২৩৪টা ফোন কথোপকথন হৈছিল। ৰেকৰ্ড অনুসৰি প্ৰতিবাৰেই কমেও ৩০ৰ পৰা ৬০ মিনিট সময় কথা পাতিছিল। সঞ্জয়ৰ মোবাইল নম্বৰ শেষবাৰৰ বাবে হোৱাটছএপত সক্ৰিয় হৈছিল যোৱা ৮ জুনত, সেইদিনা গোচৰটোৰ সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰি সোণমে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।

বুধবাৰে সোণমৰ ভাতৃ গোবিন্দই কয় যে তেওঁ ‘সঞ্জয় বাৰ্মা’ নামৰ কোনো ব্যক্তিৰ সৈতে পৰিচিত নহয়। তেওঁ কয়, “…সঞ্জয় বাৰ্মাৰ বিষয়ে মই একো নাজানো। আজিহে গম পালোঁ যে সঞ্জয়ৰ নামটোও ইয়াৰ লগত জড়িত হৈ আছে…”।

এই হত্যাকাণ্ডৰ গোচৰটো প্ৰথমে ‘নিৰুদ্দেশ হোৱা দম্পতী’ৰ গোচৰ হিচাপে আৰম্ভ হৈছিল। হানিমুনৰ সময়ত এই উত্তৰ-পূব ৰাজ্যত ৰাজা আৰু সোণম নিৰুদ্দেশ হোৱাৰ পিছত কাহিনীটোৱে এক কৰুণ ৰূপ লৈ এক ভয়ংকৰ বিশ্বাসঘাতকতা প্ৰকাশ কৰে। ইন্দোৰৰ এই দম্পতীয়ে যোৱা ১১ মে’ত বিবাহপাশত আবদ্ধ হয়।

আৰক্ষীয়ে জনোৱা মতে, ৰাজৰ সৈতে সোণমৰ সম্পৰ্ক থকাৰ পিছতো এই বিবাহ সংঘটিত হৈছিল। ৰাজে সোণামৰ পৰিয়ালৰ মালিকানাধীন আচবাবৰ দোকান এখনত একাউণ্টেণ্ট হিচাপে কাম কৰিছিল, আৰু সোণমে পৰিয়ালৰ ব্যৱসায়টো চোৱা-চিতা কৰিছিল।

ইন্দোৰত বিয়া পাতি ৰাজা আৰু সোণম হানিমুনৰ বাবে মেঘালয়লৈ যায়। ২৩ মে’ত নাঙৰিয়াট গাঁৱৰ এটা হোমষ্টেৰ পৰা চেক আউট কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে নিৰুদ্দেশ হৈছিল দম্পতীহাল। নিৰুদ্দেশ হোৱা ঠাইৰ পৰা ২০ কিলোমিটাৰ নিলগত ২ জুনত ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ‘নিৰুদ্দেশ’ সোণমে ৮ জুনত উত্তৰ প্ৰদেশৰ গাজীপুৰত আত্মসমৰ্পণ কৰে। ইয়াৰ কিছু ঘন্টা পূৰ্বে উত্তৰ প্ৰদেশ আৰু ইন্দোৰ (মধ্যপ্ৰদেশ)ৰ পৰা তিনি ভাড়াতীয়া হত্যাকাৰী – আকাশ ৰাজপুত, বিশাল সিং চৌহান আৰু আনন্দ কুৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল। পিছত ৰাজক গ্ৰেপ্তাৰ কৰা হয়।

১১ জুনত সোণমে স্বামীক হত্যা কৰাৰ কথা স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা মতে, তেওঁৰ খুড়াকৰ ল’ৰা জিতেন্দ্ৰ ৰঘুবংশীয়ে ভাড়াতীয়া হত্যাকাৰী তিনিজনক প্ৰথম কিস্তি দিছিল। গোবিন্দই কয় যে তেওঁৰ পৰিয়ালে সোণমৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰিছে। লগতে তেওঁ ৰাজাৰ শোকগ্ৰস্ত পৰিয়ালৰ সদস্যসকলৰ সৈতে সংহতি প্ৰকাশ কৰাৰ লগতে ন্যায়ৰ বাবে কৰা যুঁজত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, যিয়ে সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *