হৃদয় বিদাৰক! ঈশ্বৰক বিচাৰি গৈ হেলিকপ্টাৰ দুৰ্ঘটনাত শিশুসহ ৭ জনৰ কৰুণ মৃত্যু

নিউজ ডেস্কঃ ঈশ্বৰৰ সন্ধানত কৰা যাত্ৰাত নামি আহিল শোকৰ ছাঁয়া! দেওবাৰে উত্তৰাখণ্ডৰ এটা দুৰ্গম অঞ্চলত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ কমেও ৭ জন লোকৰ কৰুণ মৃত্যু হয়। কেদাৰঘাটীৰ গৌৰীকুণ্ড আৰু ত্ৰিযুগীনাৰায়ণৰ মাজত আৰ্য্য এভিয়েশন প্ৰাইভেট লিমিটেডৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাই পুনৰবাৰ ৰাজ্যজুৰি হেলিকপ্টাৰ সুৰক্ষাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে।

উত্তৰাখণ্ড অসামৰিক বিমান পৰিবহণ উন্নয়ন প্ৰাধিকৰণে জনোৱা মতে, পুৱা প্ৰায় ৫:৩০ বজাত কেদাৰনাথৰ পৰা গুপ্তকাশী অভিমুখে হেলিকপ্টাৰখন উৰা মাৰিছিল যদিও উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয়। ৰুদ্ৰপ্ৰয়াগ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া নন্দন সিং ৰাজৱাৰে সংবাদ মাধ্যমৰ আগত কয় যে বেয়া বতৰৰ বাবে দৃশ্যমানতা বেয়া হোৱাৰ বাবে গৌৰীকুণ্ড বনাঞ্চলৰ ওপৰত সংঘটিত হৈছে এই দুৰ্ঘটনা। গড়ৱাল ৰেঞ্জৰ মহাপৰিদৰ্শক ৰাজীৱ স্বৰূপে এই দুৰ্যোগ নিশ্চিত কৰি কয় যে ই “অতি দুৰ্গম অঞ্চল”। আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এছডিআৰএফৰ দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এক্স প্লেটফৰ্মত শোক প্ৰকাশ কৰি লিখিছে, “ৰুদ্ৰপ্ৰয়াগ জিলাত হেলিকপ্টাৰ দুৰ্ঘটনাৰ অতি দুখজনক খবৰ। এছডিআৰএফ, স্থানীয় প্ৰশাসন আৰু অন্যান্য উদ্ধাৰকাৰী দলে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। সকলো যাত্ৰীৰ সুৰক্ষাৰ বাবে বাবা কেদাৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো।”

মন কৰিবলগীয়া যে শেহতীয়াকৈ উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনা বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে যোৱা ৮ মে’ত উত্তৰকাশী জিলাত গংগোত্ৰী ধাম অভিমুখী পথত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ ৬ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ কিছুদিন পূৰ্বে যোৱা ৭ জুনত কেদাৰনাথ অভিমুখী আন এখন হেলিকপ্টাৰ উৰণৰ কিছু সময়ৰ পিছতে যান্ত্ৰিক বিজুতিৰ বাবে এটা পথত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল। যদিও সেই ঘটনাত পাইলট আহত হৈছিল, তথাপিও হেলিকপ্টাৰত থকা পাঁচজন তীৰ্থযাত্ৰীক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

শেহতীয়া দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ধামীয়ে ইতিমধ্যে হেলিকপ্টাৰ চলোৱাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। তেওঁ হেলিকপ্টাৰ সেৱাৰ বাবে এক বিস্তৃত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) সৃষ্টি কৰাৰ নিৰ্দেশ দিছে, য’ত প্ৰতিখন বিমানৰ পূৰ্বে বিমানখনৰ সম্পূৰ্ণ কাৰিকৰী পৰীক্ষা আৰু বতৰৰ সঠিক তথ্য আহৰণ কৰাটো বাধ্যতামূলক হ’ব। মুখ্য সচিবক কাৰিকৰী বিশেষজ্ঞ সমিতি গঠন কৰি হেলিকপ্টাৰ চলোৱাৰ সকলো কাৰিকৰী আৰু সুৰক্ষাৰ দিশ বিতংভাৱে পৰ্যালোচনা কৰি এছ অ’ পি প্ৰস্তুত কৰিবলৈ কোৱা হৈছে। এই কমিটীয়ে ৰাজ্যত হেলিকপ্টাৰ সেৱা সুৰক্ষিত, স্বচ্ছ আৰু নিৰ্ধাৰিত মানদণ্ড অনুসৰি পৰিচালিত হোৱাটো নিশ্চিত কৰিব।

Leave a Comment