অসমীয়াৰাষ্ট্ৰীয়

স্বামীহন্তা সোণমৰ প্ৰেমিক ৰাজৰ পৰিয়ালত হঠাৎ দুখৰ ছায়া! মৃত্যু নিকটতম আত্মীয়ৰ

নিউজ ডেস্কঃ ৰাজা ৰঘুবংশী হত্যাকাণ্ডক লৈ সমগ্ৰ দেশজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। ইতিমধ্যে আৰক্ষীৰ জালত বন্দী হৈছে মূল হত্যাকাৰী সোণম ৰঘুবংশীৰ লগতে আন ৪ অভিযুক্ত। ধৃত সকলৰ ভিতৰত আছে সোণমৰ প্ৰেমিক ৰাজ কুশ্বৱাহাও। কিন্তু শেহতীয়াকৈ ৰাজৰ পৰিয়ালত সংঘটিত হৈছে এক শোকাবহ ঘটনা।

শেহতীয়াকৈ ৰাজৰ আইতাক ৰাম লল্লী (৭৪)ৰ বুধবাৰে হাৰ্ট এটেকত মৃত্যু হোৱা বুলি তেওঁৰ শোকসন্তপ্ত পৰিয়ালে জানিবলৈ দিয়ে। উত্তৰ প্ৰদেশৰ ফাতেহপুৰ জিলাৰ গাজীপুৰ অঞ্চলৰ ৰামপুৰ গাঁৱৰ নিজা বাসগৃহত মৃত্যু হয় আইতাকৰ।

ৰাম লল্লীৰ স্বামী দৰবাৰী সিঙে সাংবাদিকৰ আগত কয় যে ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ গোচৰৰ মূল অভিযুক্ত হিচাপে ৰাজৰ নাম প্ৰকাশ পোৱাৰ পিছৰে পৰা ৰাম লল্লীয়ে নাতি নিৰ্দোষী বুলি দাবী কৰি আহিছে। তেওঁৰ দৃঢ় বিশ্বাস আছিল যে এই মেঘালয় হত্যাকাণ্ডত ৰাজক মিছাকৈ জড়িত কৰা হৈছে। লগতে দৰবাৰী সিঙে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজক মিছাকৈ জড়িত কৰাৰ বাবে আইতাক অতিশয় বিচলিত হৈ পৰিছিল আৰু শোকেই তেওঁৰ হাৰ্ট এটেকৰ কাৰণ হৈ পৰে।

প্ৰায় এসপ্তাহ পূৰ্বে ৰাম লল্লীয়ে সংবাদ মাধ্যমৰ সন্মুখত নাতিৰ পক্ষত কথা কৈছিল। তেওঁ কৈছিল, “ৰাজৰ কেতিয়াও কাৰো লগত সম্পৰ্ক নাই। সোণমে স্বামীক হত্যা কৰি এই ঘটনাত ৰাজক জড়িত কৰিছে।” তেওঁ লগতে অভিযোগ কৰে যে এই গোচৰৰ সৈতে প্ৰভাৱশালী লোক জড়িত হৈ আছে আৰু “তেওঁলোকে যিকোনো কাম কৰিব পাৰে”।

সিঙে কয় যে ৰাজ এজন শান্ত, কৰ্তব্যপৰায়ণ যুৱক যিয়ে কোভিড মহামাৰীৰ সময়ত পিতৃৰ মৃত্যুৰ পিছৰে পৰা পৰিয়ালৰ সকলো দায়িত্ব কান্ধত লৈছিল। আৰ্থিক অসুবিধাৰ বাবে ৰাজৰ পিতৃয়ে প্ৰায় ১৫ বছৰ পূৰ্বে ইন্দোৰলৈ গুচি আহি ফল-মূলৰ ব্যৱসায় আৰম্ভ কৰে। পৰিয়ালটোৰ আৰ্থিক অৱস্থা উন্নত হোৱাৰ পিছত ৰাজেও প্ৰায় এদশক পূৰ্বে মাক আৰু দুগৰাকী ভগ্নীৰ সৈতে ইন্দোৰলৈ গুচি যায়। দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ৰাজ ইন্দোৰৰ গোবিন্দ নগৰ খাৰচা অঞ্চলৰ বাসিন্দা সোণমৰ পৰিয়ালৰ মালিকানাধীন আচবাবৰ দোকান এখনত একাউণ্টেণ্ট হিচাপে কাম কৰিছিল।

এই সন্দৰ্ভত আৰক্ষী বিষয়াসকলে কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰি কয় যে এই গোচৰটো আন এখন ৰাজ্যৰ। মন কৰিবলগীয়া যে যোৱা ১১ মে’ত ৰঘুবংশীয়ে সোণমক বিয়া কৰাইছিল আৰু ২০ মে’ত হনিমুনৰ বাবে মেঘালয়লৈ ৰাওনা হৈছিল দম্পতীহালে। তাৰ তিনিদিন পিছত তেওঁ নিৰুদ্দেশ হয়। যোৱা ২ জুনত পূব খাছি হিলছ জিলাৰ সোহৰা অঞ্চলৰ এটা জলপ্ৰপাতৰ সমীপৰ এটা খাৱৈৰ পৰা উদ্ধাৰ হয় ৰাজাৰ মৃতদেহ। ইয়াৰ পিছতে উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলাৰ সোণামে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৮ জুনত। পৰৱৰ্তী সময়ত মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজ কুশ্বৱাহা আৰু অন্যান্য অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *