অসমীয়াৰাষ্ট্ৰীয়

হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যুবৰণ কৰা সেনাৰ পাইলট পুত্ৰৰ কাষলৈ গুচি গ’ল শােকস্তব্ধ মাতৃ

নিউজ ডেস্কঃ কোৱা হয়- পুত্ৰ শোকতকৈ ডাঙৰ শোক আৰু জগতত একোৱেই নাই। সেই পুত্ৰ শোকেই যেন প্ৰাণ কাঢ়ি নিলে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত লেফটেণ্ট কৰ্ণেল ৰাজবীৰ সিং চৌহানৰ মাতৃৰো। পুত্ৰৰ মৃত্যুৰ তেৰদিনীয়া আদ্য-শ্ৰাদ্ধৰ দিনাখনেই মৃত্যুৰ কোলাত শুই পৰিল মাতৃও।

উত্তৰাখণ্ডৰ মৰ্মান্তিক হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ গৈছিল পাইলট ৰাজবীৰ সিং চৌহানৰ। তেওঁৰ মৃত্যুৰ পিছৰ তেৰদিনীয়া ৰীতি-নীতিৰ সময়তে হৃদৰোগত আক্ৰান্ত হয় মাতৃ বিজয় লক্ষ্মী চৌহান। পৰিয়ালৰ লোকৰ মতে, একমাত্ৰ পুত্ৰক হেৰুৱাই মানসিকভাৱে ভাগি পৰা মাতৃৰ পুত্ৰশোকতে মৃত্যু ঘটে।

জয়পুৰৰ শাস্ত্ৰী নগৰৰ ঘৰত হাৰ্ট এটেকত আক্ৰান্ত হৈ বৃহস্পতিবাৰে বিয়লি মাটিত বাগৰি পৰে বিজয় লক্ষ্মী। লগে লগে চিকিৎসকক মাতি অনা হ’লেও তেওঁক ৰক্ষা কৰিব পৰা নগ’ল। পুত্ৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ মাত্ৰ ১৩ দিনৰ পিছতে একেখন শ্মশানতে মাতৃকো বিদায় জনাবলগীয়া হয় পৰিয়ালটোৱে।

উল্লেখ্য যে, ভাৰতীয় সেনাৰ প্ৰাক্তন পাইলট ৰাজবীৰ সিঙে যোৱা বছৰৰ অক্টোবৰ মাহত আৰ্য এভিয়েশনত যোগদান কৰিছিল। যোৱা ১৫ জুনত উত্তৰাখণ্ডৰ গৌৰীকুণ্ডৰ বনাঞ্চলত বেল ৪০৭ হেলিকপ্টাৰ দুৰ্ঘটনাত তেওঁ প্ৰাণ হেৰুৱাইছিল। তদন্তকাৰীয়ে জনোৱা মতে, কেদাৰনাথৰ পৰা গুপ্তকাশীলৈ যোৱাৰ পথত বেয়া বতৰ আৰু দুৰ্বল দৃশ্যমানতাৰ বাবে হেলিকপ্টাৰখনে নিয়ন্ত্ৰণ হেৰুৱায় পেলায় আৰু পৰিণামস্বৰূপে সংঘটিত হয় দুৰ্ঘটনা।

এই ঘটনাত ৰাজবীৰৰ উপৰি ৬ গৰাকী যাত্ৰীৰো মৃত্যু হয়। হেলিকপ্টাৰখনে কেদাৰনাথৰ পৰা পুৱা ৫:১৭ বজাত, দুৰ্ঘটনাৰ ঠিক আগতেই উৰা মাৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *