অসমীয়াঅসম

নামেৰী ইক’ কেম্পত আবাকাৰৰ বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন

নিউজ ডেস্কঃ এংগ্লিং এণ্ড কনজাৰভেচন এছ’চিয়েশ্বন (চমুকৈ আবাকা)ৰ সৌজন্যত আৰু অসম মেডিকেল কলেজ এলুমনাই এছ’চিয়েশ্বন এণ্ড একাডেমিক ফ’ৰামৰ উদ্যোগত নামেৰী ইক’ কেম্পত অনুষ্ঠিত কৰা হয় এটা বিনামূলীয়া স্বাস্থ্য চিকিৎসা শিবিৰ।

উল্লেখ্য যে, ১৯৯৪ চনত প্ৰাকৃতিক পৰিবেশ বিনষ্ট নকৰাকৈ সেই পৰিবেশৰে সহাবস্থান কৰি পৰ্যটন উদ্যোগ গঢ়ি তোলাৰ লক্ষ্যৰে নামেৰী ইক’ কেম্প স্থাপন কৰা হৈছিল। শেহতীয়াকৈ ইক’ কেম্পৰ বিৰুদ্ধে বিভাগীয়ভাৱে গোচৰ তৰা হোৱাত দীৰ্ঘ সময় ধৰি নামেৰী ইক’ কেম্প পৰ্য্যটকৰ বাবে বন্ধ হৈ আছিল। ইফালে, আবাকাই আদালতৰ অনুমোদন আৰু জিলা বন বিভাগক অৱগত কৰি এটা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে।

WhatsApp Image 2025 07 01 at 12.28.17 305a44d0

এই শিবিৰত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী—তেজপুৰ আৰু গুৱাহাটীৰ ডাঃ সংগীত দত্ত, ডাঃ ৰিনি দুৱৰা, ডাঃ লুটফুৰ ৰহমান, ডাঃ নিৰ্মল বেৰিয়া, ডাঃ নৱজ্যোতি দত্ত আৰু ডাঃ চন্দন বৰুৱাই উপস্থিত থাকি চিকিৎসা সেৱা আগবঢ়ায়।

তৰাজান, ঢাৰিকাটি, চামলগা গাঁৱৰ প্ৰায় শতাধিক লোকৰ সাধাৰণ ৰোগ, স্ত্ৰী আৰু প্ৰসূতি ৰোগ, শিশু ৰোগ, চর্ম ৰোগ, মধুমেহ, উচ্চ ৰক্তচাপ আদিৰ চিকিৎসা কৰাৰ লগতে শিশু আৰু মহিলাৰ ৰক্ত পৰীক্ষা আৰু প্ৰয়োজনীয় দৰবও প্ৰদান কৰা হয়।

WhatsApp Image 2025 07 01 at 12.28.18 77244f15

অনুষ্ঠানৰ আঁত ধৰোঁতা আবাকা সদস্য অলকেশ দাসে অভ্যাগত চিকিৎসকসকলক সম্ভাষণ জনায়। ক্ৰমে কালীৰাম মিলি, শকুন্তলা কোঁচ, স্বপ্না পায়েং, ফুলেশ্বৰী গোৱালা আৰু আবাকাৰ অবৈতনিক সম্পাদক কেপ্তেইন ত্ৰিদিপ ফুকনে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

WhatsApp Image 2025 07 01 at 12.28.19 c5fe60d8

আবাকাৰ সদস্য দেৱজিত শৰ্মা, নীৰজ শৰ্মা, নৌচাদ আলী, কুমুদ গগৈ, অতুল বৰগোহাঁই, থানেশ্বৰ পায়েং, দেবকন মিলি, পদ্ম মিলি, পৰগোমা, সুৰেশ, জিতু দৰ্জী, মিণ্টু পায়েং আৰু চৌখাম চেতিয়াই উক্ত অনুষ্ঠানত উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *