এটা দুৰ্দান্ত ‘ছিক্স’, তাৰ পিছত নিমিষতে শেষ সকলো! খেলপথাৰত যুৱ ক্ৰিকেটাৰৰ সৈতে ঘটিল এয়া

নিউজ ডেস্কঃ এটা ছিক্স, তাৰ পিছত সমগ্ৰ খেলপথাৰাত গুঞ্জৰিত হ’ল হৰ্ষোল্লাস। বলটো প্ৰবল শক্তিৰে বাউণ্ডেৰীলৈ ঠেলি দিয়াৰ পিছত সতীৰ্থৰ সৈতে হাত মিলাবলৈ আগবাঢ়ি আহিছিল বেটছমেনজন। কিন্তু তাৰ পিছতে যি ঘটিল, সেই দৃশ্যই স্তম্ভিত কৰে সমগ্ৰ খেলপথাৰ, সমগ্ৰ দেশক।

পঞ্জাৱৰ ফিৰোজপুৰৰ ডি এ ভি স্কুল খেলপথাৰত বন্ধুৰ সৈতে ক্ৰিকেট খেলি আছিল এজন যুৱকে। খেলৰ এটা সময়ত তেওঁ এটা দুৰ্দান্ত ছয় মাৰে। হাত চাপৰিৰে তেওঁৰ এই প্ৰদৰ্শনৰ সকলোৱে শলাগ লোৱাৰ সময়ত তেওঁ নিজৰ বেটিং পাৰ্টনাৰৰ ফালে আগবাঢ়ি যায়, হাঁহি হাঁহি, স্বাভাৱিক ছন্দত। ঠিক তেতিয়াই হঠাতে আঁঠু কাঢ়ি বহি পৰে যুৱকজন।

প্ৰথমাৱস্থাত এয়া সাময়িক ভাগৰ বা অস্বস্তি বুলিয়েই ধাৰণা কৰিছিল সকলোৱে। কিন্তু মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে মাটিত লুটি খাই পৰে যুৱকজন। ওচৰতে থকা সতীৰ্থসকলে খৰখেদাকৈ তেওঁক সহায়ৰ বাবে আগবাঢ়ি আহে যদিও তেতিয়ালৈকে যেন সকলো পলম হৈ গৈছিল।

খেলৰ মাজতে হৃদক্ৰিয়া বন্ধ হৈ ঘটনাস্থলীতে মৃত্যু ঘটে উদীয়মান ক্ৰিকেটাৰজনৰ!

নিহত যুৱকজন ফিৰোজপুৰৰ নিবাসী হৰ্ষজিৎ সিং (২৩) বুলি জানিব পৰা গৈছে। প্ৰথম অৱস্থাত গম পোৱা গৈছিল যে তেওঁৰ কোনো ডাঙৰ শাৰীৰিক ৰোগৰ ইতিহাস নাছিল। তথাপিও এনে আকস্মিক মৃত্যুৱে প্ৰশ্ন উত্থাপন কৰে – কিয়?

আটাইতকৈ চাঞ্চল্যকৰ তথ্য – মৃত্যুৰ কাৰণ আছিল হৃদৰোগ। ছিক্স হিট কৰাৰ ঠিক পিছতেই হৰ্ষজিৎ সিঙৰ হাৰ্ট এটেকত হঠাৎ মৃত্যু হয়। সতীৰ্থৰ মতে, খেলৰ সেই সময়লৈকে সম্পূৰ্ণৰূপে সুস্থ দেখা গৈছিল হৰ্ষজিতক।

সেই মুহূৰ্তৰ ভিডিঅ’ ছচিয়েল মিডিয়াত বিয়পি পৰিছে। সমগ্ৰ দেশতে শোক আৰু ভয় বিয়পি পৰিছে। বিশেষজ্ঞসকলৰ মতে ভাৰতত—বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত এনে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে অনিয়ন্ত্ৰিত খাদ্যাভ্যাস, মানসিক চাপৰ জীৱন, অনিয়মিত চিকিৎসা।

চিকিৎসকৰ পৰামৰ্শ- বয়স যিয়েই নহওক কিয়, নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰা আৰু হৃদযন্ত্ৰৰ যত্ন লোৱাটো এতিয়া সময়ৰ প্ৰয়োজন। কাৰণ কোনেও নাজানে কেতিয়া, ক’ত, কাৰ জীৱনত সেই ‘এটা ছয়’ শেষ মুহূৰ্ত হৈ পৰে।

Leave a Comment