অসমীয়াৰাষ্ট্ৰীয়

ত্ৰিকোণীয় প্ৰেমৰ সন্দেহ! HR মেনেজাৰ প্ৰেয়সীৰ ডিঙি কাটি হত্যা একেটা কোম্পানীৰ কম্পিউট অপাৰেটৰ প্ৰেমিকৰ

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ আগ্ৰাৰ জৱাহৰ দলঙত সংঘটিত এক জঘন্য হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা ২৩ জানুৱাৰীৰ নিশা এটা বস্তাৰ ভিতৰত এগৰাকী যুৱতীৰ মুণ্ডহীন আৰু নগ্ন মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। পাছত সমগ্ৰ ঘটনাৰ তদন্ত কৰি এই নৃশংস কাণ্ডৰ আঁৰত থকা যুৱতীগৰাকীৰ প্ৰেমিক তথা সহকৰ্মী বিনয় ৰাজপুতক আৰক্ষীয়ে জালত পেলায়।

পাৰ্বতী বিহাৰৰ বাসিন্দা মিংকী নামৰ মৃত যুৱতীগৰাকী সঞ্জয় পেলেচৰ এটা ব্যক্তিগত কোম্পানীত এইচ আৰ মেনেজাৰ হিচাপে কৰ্মৰত আছিল। আৰক্ষীৰ জেৰাত অভিযুক্ত কম্পিউটাৰ অপাৰেটৰ বিনয় ৰাজপুতে স্বীকাৰ কৰে যে যুৱতীগৰাকীৰ সৈতে তেওঁৰ দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু আন এজন যুৱকৰ সৈতে কথা পতাৰ সন্দেহতে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে। ২৩ জানুৱাৰীৰ দিনা কাৰ্যালয়ত দুয়োৰে মাজত হোৱা তীব্ৰ তৰ্কৰ পাছত বিনয়ে চুৰীৰে যুৱতীগৰাকীৰ ডিঙি কাটি হত্যা কৰে।

হত্যাকাণ্ডৰ পাছত পৰিচয় লুকুৱাবলৈ বিনয়ে যুৱতীগৰাকীৰ মূৰটো শৰীৰৰ পৰা পৃথক কৰি নিজৰ বেগৰ ভিতৰত ভৰাই থয়। ইয়াৰ পাছত বাকী শৰীৰটো এটা প্লাষ্টিকৰ বস্তাত ভৰাই তেওঁ স্কুটীৰে নি যমুনা নদীত পেলাবলৈ চেষ্টা কৰে যদিও গধুৰ হোৱা বাবে জৱাহৰ দলঙৰ ওপৰতে পেলাই থৈ পলায়ন কৰে। চিচিটিভি ফুটেজৰ জৰিয়তে আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰি ২৪ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰে।

বৰ্তমান আৰক্ষীয়ে অভিযুক্ত বিনয়ৰ তথ্য অনুসৰি এটা নলাৰ পৰা মৃতদেহৰ কটা মূৰটো আৰু ব্যৱহৃত চুৰীখন উদ্ধাৰ কৰিছে। উল্লেখযোগ্য যে, মৃত যুৱতীগৰাকীৰ পৰিয়ালে তেওঁৰ নিৰুদ্দেশৰ সন্দৰ্ভত পূৰ্বেই আৰক্ষীক অৱগত কৰিছিল। জঘন্য এই হত্যাকাণ্ডই বৰ্তমান আগ্ৰাত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *