আই এম ছৰী দেউতা…: পিতৃলৈ চিঠি লিখি চৰম সিদ্ধান্ত গ্ৰহণ এগৰাকী শিক্ষয়িত্ৰীৰ

হাজিপুৰঃ কিমান বিষাদ পঞ্জীভূত হ’লে চৰম সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আনৰ বাবে সঠিক পথ প্ৰদৰ্শন কৰা এগৰাকী শিক্ষয়িত্ৰীয়ে! শেহতীয়াকৈ এগৰাকী চৰকাৰী শিক্ষয়িত্ৰীৰ এনে কৰুণ পদক্ষেপে সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নিজ বাসগৃহৰ ভিতৰতে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে প্ৰিয়া ভাৰতী নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে। মৃত্যুৰ পূৰ্বে পিতৃ-মাতৃলৈ তেওঁ লিখি থৈ যায় এটুকুৰা শোকাকুল চুইচাইড নোট।

চৰম পত্ৰখনত প্ৰিয়াই অতি আৱেগিকভাৱে নিজৰ শেষ ইচ্ছাৰ কথা ব্যক্ত কৰে। তেওঁৰ অন্তিম সংস্কাৰত স্বামীৰ পৰিৱৰ্তে যেন নিজৰ কণমানি কন্যাক মুখাগ্নি দিবলৈ দিয়া হয়, তাৰ বাবে তেওঁ বিশেষ অনুৰোধ জনায়। ইয়াৰ উপৰি নিজৰ অসুস্থতাৰ বাবেই এই পথ বাছি লোৱা বুলি উল্লেখ কৰি মৃত্যুৰ বাবে কাকো জগৰীয়া নকৰিবলৈ তেওঁ আহ্বান জনায়। আনকি, গাখীৰৰ বাকী থকা পইচাটোও পাৰ্ছৰ পৰা পৰিশোধ কৰিবলৈ তেওঁ পত্ৰখনত লিখি থৈ গৈছে।

অৱশ্যে মৃত শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালে এই ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড বুলিহে অভিযোগ উত্থাপন কৰে। আত্মীয়ৰ মতে, মৃতদেহটো উদ্ধাৰ হোৱাৰ সময়ত ভৰি দুখন মাটিত লাগি থকাটোৱে ইয়াক আত্মহত্যাৰ সলনি হত্যাৰ ৰূপ দিয়াৰহে ইংগিত দিয়ে। তদুপৰি উদ্ধাৰ হোৱা চৰম পত্ৰখনৰ হস্তাক্ষৰৰ সৈতেও প্ৰিয়াৰ আখৰৰ মিল নাই বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে।

গণৰাজ্য দিৱসৰ দিনা বিদ্যালয়ত অনুপস্থিত থকাৰ পাছতে সহকৰ্মীসকলে খবৰ ল’বলৈ গৈ এই মৰ্মান্তিক দৃশ্য প্ৰত্যক্ষ কৰে। মৃত প্ৰিয়াৰ স্বামী এটি ব্যক্তিগত বেংকৰ ডেপুটী ব্ৰাঞ্চ মেনেজাৰ হিচাপে কৰ্মৰত। উল্লেখযোগ্য যে, আৰক্ষীয়ে বৰ্তমান সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি জানিবলৈ দিয়ে।

Leave a Comment