অসমীয়াৰাষ্ট্ৰীয়

প্ৰভুভক্তি! গৰাকীৰ মৃতদেহৰ কাষত চাৰিদিন ধৰি পহৰা দি থাকিল এটা কুকুৰে…

নিউজ ডেস্কঃ কোৱা হয়- কুকুৰ প্ৰভুভক্ত। তাৰেই যেন শেহতীয়া প্ৰমাণ দিলে এটা কুকুৰে। মৃত গৰাকীৰ নিথৰ দেহৰ কাষত চাৰিদিন পহৰা দিয়া এই পোহনীয়া কুকুৰটোৰ প্ৰভু ভক্তিয়ে এতিয়া আবেগিক কৰি তুলিছে সকলোকে।

উল্লেখ্য যে, হিমাচল প্ৰদেশৰ চম্বা-ভৰমৌৰৰ ভৰমাণী মাতা মন্দিৰৰ সমীপত সংঘটিত এক মৰ্মান্তিক ঘটনাত প্ৰাণ হেৰুৱায় ১৪ বছৰীয়া কিশোৰ পীয়ূষে। বৰফৰ মাজত নিৰুদ্দিষ্ট হৈ থকা কিশোৰজনৰ মৃতদেহটো চাৰি দিনৰ অন্তত উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে। এই দুখজনক ঘটনাটোৰ মাজতে পোহনীয়া কুকুৰৰ আনুগত্যৰ এক অনন্য নিদৰ্শন পোহৰলৈ আহে।

জানিব পৰা মতে, ভৰমাণী মাতা মন্দিৰৰ উচ্চ শিখৰত ভিডিঅ’ শ্বুট কৰিবলৈ গৈ পীয়ূষ আৰু বিকশিত ৰাণা নামৰ আন এজন যুৱক নিখোজ হৈছিল। সেনাৰ হেলিকপ্টাৰেৰে চলোৱা তালাচী অভিযানৰ অন্তত পীয়ূষৰ মৃতদেহটো উদ্ধাৰ কৰে সেনাই। প্ৰচণ্ড শীত আৰু ৩ ৰ পৰা ৪ ফুট গভীৰ বৰফৰ মাজত পীয়ূষৰ পোহনীয়া কুকুৰটোৱে চাৰি দিন ধৰি মৃতদেহটো পহৰা দি থাকে।

প্ৰত্যক্ষদৰ্শীৰ মতে, ভোক-পিয়াহত আতুৰ হোৱা স্বত্বেও কুকুৰটোৱে কাকো মৃতদেহটোৰ ওচৰলৈ আহিবলৈ দিয়া নাছিল। পৰৱৰ্তী সময়ত উদ্ধাৰকাৰী দলে কুকুৰটোক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। উল্লেখযোগ্য যে, পীয়ূষৰ সৈতে যোৱা বিকশিত ৰাণা নামৰ যুৱকজন এতিয়াও নিখোজ হৈ আছে আৰু তেওঁৰ সন্ধানত বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বিভাগীয় কৰ্তৃপক্ষই।

Leave a Reply

Your email address will not be published. Required fields are marked *