নিউজ ডেস্কঃ দৰিদ্ৰতা আৰু চৰম মানসিক আঘাতক নেওচি কেনেকৈ সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰি, তাৰ এক অনন্য উদাহৰণ দাঙি ধৰি শেহতীয়াকৈ চৰ্চালৈ আহিছে ৰাজস্থানৰ সুমালাই গাঁৱৰ দেশল দান চৰণ। গাঁৱৰ এখন সৰু চাহৰ দোকান চলাই ১০ জনীয়া পৰিয়াল পোহপাল দিয়া এজন সাধাৰণ ‘চাইৱালা’ৰ পুত্ৰ দেশলে কঠোৰ পৰিশ্ৰমৰ বলত কেৱল আইআইটি-জেইই উত্তীৰ্ণ হোৱাই নহয়, প্ৰথম প্ৰচেষ্টাতে দেশৰ আটাইতকৈ কঠিন পৰীক্ষা ইউপিএছচিত ৮২ সংখ্যক স্থান লাভ কৰি আইএএছ বিষয়া হ’বলৈ সক্ষম হয়।
দেশলৰ এই যাত্ৰা সহজ নাছিল। পিতৃ কুশলদান চৰণে চাহ বিক্ৰী কৰি লাভ কৰা সামান্য ধনেৰে পৰিয়ালটো চলোৱাৰ লগতে পুত্ৰৰ পঢ়া-শুনাৰ বাবে ধাৰ ল’বলগীয়া হৈছিল। পিতৃৰ সৈতে নিজেও চাহৰ দোকানত কাম কৰিছিল দেশলে। কিন্তু দেউতাকে কেতিয়াও বিচৰা নাছিল যে তেওঁৰ পুত্ৰইয়ো এনেকৈ চাহ বিক্ৰী কৰক। পিতৃৰ দৃঢ় বিশ্বাস আছিল যে শিক্ষাৰ জৰিয়তেহে সন্তানৰ ভৱিষ্যত সলনি কৰিব পৰা যাব।

দশম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে দেশলে তেওঁৰ জ্যেষ্ঠ ভাতৃক এক চাবমেৰিন দুৰ্ঘটনাত হেৰুৱাব লগীয়া হৈছিল, যি ঘটনাই সমগ্ৰ পৰিয়ালটোক মানসিকভাৱে ভাগি পেলাইছিল। তথাপিও পিতৃৰ সাহস আৰু নিজৰ লক্ষ্যৰ প্ৰতি থকা একাগ্ৰতাই দেশলক আগুৱাই যাবলৈ প্ৰেৰণা যোগাইছিল।

দ্বাদশ শ্ৰেণীৰ পাছতেই দেশলে আইআইটি জবলপুৰৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰে। ব্যক্তিগত কোম্পানীত উচ্চ দৰমহাৰ চাকৰি কৰাৰ সুযোগ থাকিলেও শৈশৱৰ আইএএছ হোৱাৰ সপোনটোৱে তেওঁক খেদি ফুৰিছিল। যাৰ বাবে তেওঁ দিল্লীলৈ গৈ ইউপিএছচিৰ বাবে দিন-ৰাতি একাকাৰ কৰি প্ৰস্তুতি চলায়। ২০১৭ চনত প্ৰথমটো প্ৰচেষ্টাতে তেওঁ সৰ্বভাৰতীয় পৰ্যায়ত ৮২ সংখ্যক স্থান অৰ্জন কৰি এজন সফল প্ৰশাসনিক বিষয়া হিচাপে আত্মপ্ৰকাশ কৰে।

দেশল দান চৰণৰ এই সফলতাৰ কাহিনীয়ে এতিয়া দেশৰ হাজাৰ হাজাৰ অভাৱী শিক্ষাৰ্থীৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। দৰিদ্ৰতাক অজুহাত হিচাপে নলৈ অদম্য হেঁপাহ আৰু সঠিক দিশত কৰা পৰিশ্ৰমে যে ইতিহাস সৃষ্টি কৰিব পাৰে, দেশলে তাকেই প্ৰমাণ কৰিলে। বৰ্তমান ৰাজস্থানত কৰ্মৰত এইগৰাকী বিষয়াই প্ৰমাণ কৰিলে যে ‘আজিৰ পৰিশ্ৰম কাইলৈৰ ইতিহাস’ হ’ব পাৰে।









