প্ৰথমে খুৱাইছিল মেগী, তাৰ পাছতে হাতে-ভৰি চলাইছিল নৃশংস অত্যাচাৰ! এমবিএছ ছাত্ৰীক হত্যা পাষাণ প্ৰেমিকৰ

নিউজ ডেস্কঃ মধ্যপ্ৰদেশৰ ইন্দোৰৰ দ্বাৰিকাপুৰী অঞ্চলত এগৰাকী এমবিএ ছাত্ৰীক অতি নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ শেহতীয়া তদন্তত পোহৰলৈ আহিছে অভিযুক্তৰ কিছু চাঞ্চল্যকৰ স্বীকাৰোক্তি। আৰক্ষীৰ জিম্মাত থকা অভিযুক্ত পীয়ূষ ধামনোতিয়াই মঙলবাৰে অংকলে গলিস্থিত ঘটনাস্থলীত হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্যৰ পুনৰ নিৰ্মাণ কৰাৰ সময়ত তদন্তকাৰী বিষয়াক সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়ে। অভিযুক্তৰ ভাষ্য অনুসৰি, হত্যাকাণ্ড সংঘটিত কৰাৰ পূৰ্বে তেওঁ ছাত্ৰীগৰাকীক নিজেই পাকঘৰত মেগী বনাই খুৱাইছিল আৰু তাৰ পাছতেই তেওঁৰ হাত-ভৰি বান্ধি পাশৱিকভাৱে হত্যা কৰিছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি, এমবিএৰ ছাত্ৰীগৰাকীয়ে শাৰীৰিক অসুস্থতাৰ বাবে দৈহিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই পাষাণ প্ৰেমিক পীয়ুষ ধামনোতিয়াই এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰে। যুৱকজনে ভুক্তভোগী প্ৰেমিকক সম্পৰ্ণ উলংগ কৰাৰ পিছত হাতে-ভৰি ৰছীৰে বান্ধে আৰু ইয়াৰ পিছত দৈহিক সম্পৰ্ক স্থাপন কৰে। তাৰ পিছতে এখন ছুৰীৰে যুৱতীগৰাকীৰ বুকুত আঘাত কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বুকুত কৰা সেই আঘাত ইমানেই ভয়ংকৰ আছিল যে ছুৰীখন ভাগি গৈছিল।

image 41
প্ৰথমে খুৱাইছিল মেগী, তাৰ পাছতে হাতে-ভৰি চলাইছিল নৃশংস অত্যাচাৰ! এমবিএছ ছাত্ৰীক হত্যা পাষাণ প্ৰেমিকৰ 4

আৰক্ষীয়ে তালাচী চলোৱাৰ সময়ত অভিযুক্তৰ পাৰ্ছৰ পৰা এখন স্বীকাৰোক্তি পত্ৰও উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পত্ৰখনত তেওঁ স্পষ্টকৈ লিখি থৈছিল যে তেৱেঁই ছাত্ৰীগৰাকীক হত্যা কৰিছে আৰু ইয়াৰ বাবে তেওঁক যাতে ফাঁচী দিয়া হয়। দ্বাৰিকাপুৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনীষ মিশ্ৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযুক্তক লগত লৈ প্ৰায় ৪০ মিনিট ধৰি ঘটনাস্থলীত তদন্ত চলায় আৰু অপৰাধৰ সৈতে জড়িত চুৰী, তেজেৰে লুতুৰি-পুতুৰি কাপোৰ আৰু আন সামগ্ৰী জব্দ কৰে।

image 42
প্ৰথমে খুৱাইছিল মেগী, তাৰ পাছতে হাতে-ভৰি চলাইছিল নৃশংস অত্যাচাৰ! এমবিএছ ছাত্ৰীক হত্যা পাষাণ প্ৰেমিকৰ 5

প্ৰাৰম্ভিক তদন্তত পোহৰলৈ অহা অনুসৰি, এটা চ্যাটিং এপ্পক কেন্দ্ৰ কৰি দুয়োৰে মাজত বিবাদৰ সূত্ৰপাত হৈছিল। হত্যাকাণ্ডৰ পাছত পীয়ূষৰ পৰিয়ালেও তেওঁৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰিছে। “সি আমাৰ বাবে মৰি গৈছে” বুলি মন্তব্য কৰি পিতৃয়ে আৰক্ষীক জনোৱা মতে, পীয়ূষক এমবিএ পঢ়িবলৈ পঠোৱা হৈছিল যদিও তেওঁ নিচাসক্ত হৈ পৰিছিল। আনকি জে’লৰ ভিতৰতো অভিযুক্তই অস্বাভাৱিক আচৰণ কৰি কেতিয়াবা কন্দা আৰু কেতিয়াবা হঁহাৰ লগতে আন কয়দীসকলকো নিদ্ৰাত ব্যাঘাত জন্মাই আহিছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ছাত্ৰীগৰাকীৰ মৃতদেহৰ সৈতে অভিযুক্তই কৰা দুৰাচাৰ আৰু হত্যাকাণ্ডৰ পূৰ্বৰ পৰিকল্পনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। ইউটিউব চাই আত্মাৰ সৈতে কথা পতাৰ দৰে অন্ধবিশ্বাসৰ বলি হৈও অভিযুক্তই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে অধিক তথ্য সংগ্ৰহৰ বাবে অভিযুক্তক পুনৰ আদালতত হাজিৰ কৰাই তদন্ত চলাই আছে।

image 43
প্ৰথমে খুৱাইছিল মেগী, তাৰ পাছতে হাতে-ভৰি চলাইছিল নৃশংস অত্যাচাৰ! এমবিএছ ছাত্ৰীক হত্যা পাষাণ প্ৰেমিকৰ 6

ইফালে আজি ঘটনা পুনৰ নিৰ্মাণৰ সময়ত সংবাদ মাধ্যমৰ সন্মুখত হত্যাকাৰী যুৱকনজনে অলপো অনুশোচনা প্ৰকাশ কৰা দেখা নগ’ল। ইয়াৰ পৰিৱৰ্তে অতি স্পষ্টভাৱে তেওঁ কয়, ”বাদ দিয়ক না, যি হ’ল হৈ গ’ল আৰু।’’

Leave a Comment