নিউজ ডেস্কঃ ক্ৰিকেট খেলৰ মাজতে হঠাতে মৌ-মাখিৰ জাকে চলোৱা আক্ৰমণত মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী আম্পায়াৰে। উত্তৰ প্ৰদেশৰ উন্নাও জিলাত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাই সমগ্ৰ ক্ৰীড়া মহলতে তীব্ৰ শোকৰ ছাঁ পেলাইছে। মৃত আম্পায়াৰজনক ৬৫ বছৰীয় মাণিক গুপ্তা বুলি চিনাক্ত কৰা হৈছে। কানপুৰ ক্ৰিকেট এছ’চিয়েশ্যনৰ সভাপতি এছ এন সিঙে এই অনাকাংক্ষিত ঘটনাটো নিশ্চিত কৰে।
জানিব পৰা মতে, গংগাঘাট কোতৱালী থানাৰ অন্তৰ্গত শুক্লাগঞ্জৰ চাপৰু খেলপথাৰত এখন প্ৰতিযোগিতামূলক মেচ চলি থকাৰ সময়তে এই বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হয়। হঠাতে আকাশৰ পৰা মৌ-মাখিৰ এটা বিশাল জাক নামি আহি খেলপথাৰত থকা লোকসকলক লক্ষ্য কৰি আক্ৰমণ চলায়। ইয়াৰ ফলত খেলুৱৈ আৰু দৰ্শকলৈকে সকলোৱে প্ৰাণ বচাবলৈ ইফালে-সিফালে দৌৰিবলৈ ধৰে।

এই আক্ৰমণৰ বলি হোৱা মাণিক গুপ্তাক সংকটজনক অৱস্থাত এল এল আৰ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, চিকিৎসালয় পোৱাৰ সময়তো তেওঁৰ দেহ আৰু মুখত অসংখ্য মৌ-মাখি কামুৰি ধৰি আছিল।
এই দুৰ্ভাগ্যজনক ঘটনাত প্ৰায় ১৫ ৰ পৰা ২০ জন খেলুৱৈ মৌ-মাখিৰ দংশনত আহত হৈছে। বৰ্তমান আহতসকলক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। কানপুৰ ক্ৰিকেট এছ’চিয়েশ্যনে এই ঘটনাটোক ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে।









