বিয়াৰ ঠিক পূৰ্বে ভাতৃক গুলীয়াই হত্যা! অৱশেষত উদয়াৰ ‘ভাতৃ’ হৈ থিয় দিলে আৰক্ষী

নিউজ ডেস্কঃ দুস্কৃতিকাৰীয়ে ভাতৃক গুলীয়াই হত্যা কৰাৰ পিছতে পৰিয়ালটোলৈ নামি আহিছিল চৰম আৰ্থিক অনাটন। ইফালে আছিল ভগ্নীৰ বিয়াও। কিন্তু তাৰ পূৰ্বেই ভাতৃক হেৰুওৱাত অৱশেষত বাতিল কৰিবলগীয়া হৈছিল বিয়াখন।

কিন্তু পৰিয়ালটোৰ এই আৰ্থিক অনাটন আৰু ভাতৃৰ অভাৱ পূৰ কৰি ছোৱালীজনীৰ বিয়াৰ সমস্ত দায়িত্ব বহন কৰিবলৈ আগবাঢ়ি আহে আৰক্ষী। আৰু আৰক্ষীৰ তৎপৰতাতে অৱশেষত সম্পন্ন হ’ল ভাতৃহাৰা ভগ্নীৰ বিয়াখন। উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাৰ এই ঘটনা।

উল্লেখ্য যে, যোৱা এপ্ৰিল মাহত দুস্কৃতিকাৰীয়ে হত্যা কৰিছিল উদয়া কুমাৰীৰ ভাতৃক। যাৰ বাবে ৫ মে’ত অনুষ্ঠিত হ’বলগীয়া উদয়াৰ বিয়াখন পিছুৱাই দিবলগীয়া হৈছিল পৰিয়ালটোৱে।

পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী জনৰ মৃত্যুত দিকবিদিক হেৰুৱাই পেলোৱা এই পৰিয়ালটোৰ কাষত অৱশেষত থিয় দিয়ে উত্তৰ প্ৰদেশ আৰক্ষী। আৰক্ষীয়ে পৰিয়ালটোৰ দায়িত্ব লৈ বিয়াৰ সকলো ব্যৱস্থা কৰি পৰম্পৰাগত ৰীতি-নীতি অনুসৰি অনুষ্ঠানটো সম্পূৰ্ণ কৰে।

আৰক্ষী অধীক্ষক বিনীত জয়ছৱালে কয় যে উত্তৰ প্ৰদেশ বিশেষ টাস্ক ফ’ৰ্চৰ সহায়ত এই বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হয়। তেওঁ কয়, “ছোৱালীজনীৰ বিয়া ৫ মে’ত হ’ব লাগিছিল, কিন্তু ২৪ এপ্ৰিলৰ নিশা ডকাইতে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি তেওঁৰ ভাতৃ শিৱদিনক গুলীয়াই হত্যা কৰে। ফলত বিয়া বাতিল কৰিবলগীয়া হয়।”

ইফালে, তদন্ত চলাই আৰক্ষীয়ে ইতিমধ্যে দুৰ্বৃত্তৰ দলটো গ্ৰেপ্তাৰ কৰিছে। ব্যক্তিগত শত্ৰুতাৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

অন্যহাতে, বৃহস্পতিবাৰে বিবাহ অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী আৰু এছটিএফৰ বিষয়াসকল। ৰভাতলীৰ পৰা খাদ্যলৈকে সকলো ৰীতি-নীতি আৰক্ষীয়েই পৰিচালনা কৰে। বিবাহৰ কাৰ্যসূচীত আৰক্ষী অধীক্ষক আৰু তেওঁৰ পত্নী উপস্থিত হৈ নৱদম্পতীক বিভাগৰ হৈ প্ৰয়োজনীয় গহনা আৰু ঘৰুৱা সামগ্ৰীৰ লগতে ১.৫১ লাখ টকাৰ নগদ উপহাৰ প্ৰদান কৰে।

Leave a Comment