অসমীয়াৰাষ্ট্ৰীয়

প্ৰথমা পত্নীৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হৈ জামিনত ওলাই আহিছিল প্ৰেম কুমাৰ, এইবাৰ উদ্ধাৰ দ্বিতীয়া পত্নী, শাহুৱেকৰ মৃতদেহ

নিউজ ডেস্কঃ কেৰেলাৰ ত্ৰিশূৰৰ এটা বাসগৃহৰ পৰা উদ্ধাৰ হৈছে এগৰাকী ৭৪ বছৰীয়া মহিলা আৰু তেওঁৰ ৪৩ বছৰীয়া কন্যাৰ অৰ্ধগলিত মৃতদেহ। আৰক্ষীৰ প্ৰাৰম্ভিক অনুমান অনুসৰি তেওঁলোকক হত্যা কৰা হৈছিল। দ্বৈত হত্যাকাণ্ডৰ তদন্ত কৰি আৰক্ষীয়ে ৰেখা আৰু মাতৃ মণিৰ হত্যাকাণ্ডৰ সৈতে ৰেখাৰ স্বামী জড়িত হ’ব পাৰে বুলি জানিবলৈ দিয়ে।

প্ৰথমা পত্নীৰ হত্যাৰ গোচৰত এবাৰ গ্ৰেপ্তাৰ হোৱাৰ পিছত জামিনত মুক্তি লাভ কৰিছিল স্বামী প্ৰেম কুমাৰে। এইবাৰ তেওঁৰ দ্বিতীয় পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে অভিযুক্ত বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।

আৰক্ষীৰ সূত্ৰ অনুসৰি বুধবাৰে সন্ধিয়া ত্ৰিশূৰৰ পাদিয়ুৰ গাঁৱত মণি আৰু ৰেখাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। স্থানীয় ৰাইজে ঘৰৰ পৰা দুৰ্গোন্ধ লক্ষ্য কৰি মণিৰ জ্যেষ্ঠ কন্যা সিন্ধুক খবৰ দিয়ে। মজিয়াত পৰি থকা দুগৰাকী মহিলাৰ মৃতদেহ দেখি সিন্ধুৱে ঘৰৰ পিছফালৰ দুৱাৰখন খুলি কোঠাত প্ৰৱেশ কৰে। ততাতৈয়াকৈ খবৰ দিয়া হয় আৰক্ষীকো।

পিছত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ লগে লগে মৃত্যুৰ কাৰণ নিশ্চিত কৰা হ’ব।

ৰেখাৰ স্বামী প্ৰেম কুমাৰ কোট্টায়ম জিলাৰ বাসিন্দা। ৰেখাক বিয়া কৰাৰ আগতে তেওঁ আন এগৰাকী মহিলাক বিয়া কৰাইছিল। ২০১৯ চনত প্ৰথমা পত্নীৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰেম কুমাৰক। শেহতীয়াকৈ জামিনত মুকলি কৰি দিয়া হৈছে।

শেহতীয়াকৈ দ্বিতীয়া পত্নী ৰেখাই প্ৰেম কুমাৰৰ বিৰুদ্ধে থানাত নিৰ্যাতনৰ এজাহাৰ দাখিল কৰিছিল। এই কাৰণেই পত্নী আৰু শাহুৱেকক হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

ঘটনাস্থলীৰ পৰা প্ৰেমকুমাৰৰ হাতে লিখা এখন ভাবুকি পত্ৰও উদ্ধাৰ কৰা হৈছে, যিখন পত্ৰ আৰক্ষীয়ে পৰীক্ষা কৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *