পৰিসমাপ্তিৰ দিশে ১৭ দিনীয়া এক ৰহস্যঘন কাণ্ডৰ! মেঘালয়ৰ পৰা নিখোজ সোণম কিদৰে উপস্থিত হ’ল গাজীপুৰত?

নিউজ ডেস্কঃ অৱশেষত অন্ত পৰাৰ দিশে দীঘলীয়া এখন ৰুদ্ধশ্বাস নাটকৰ! মধুচন্দ্ৰিকা যাপন কৰিবলৈ আহি মেঘালয়ত নিখোজ হোৱা এহাল নৱ দম্পতীক লৈ বিগত ১৭ দিনেই ব্যতিব্যস্ত হৈ পৰিছিল মেঘালয় আৰক্ষী। কি হৈছে, কি নঘটিছে তাক লৈ তীব্ৰ উৎকণ্ঠাত ভুগিছিল সমগ্ৰ দেশবাসী। কিন্তু অৱশেষত যি মোৰ লৈ এই ৰহস্যজনক ঘটনা পৰিসমাপ্তিৰ দিশে আগবাঢ়িছে, সেয়া প্ৰত্যক্ষ কৰি স্তম্ভিত হৈ পৰিছে সকলো।

কিছুদিন পূৰ্বে এটা দ খাৱৈত উদ্ধাৰ হৈছিল ৰাজা ৰঘুবংশীৰ মৃতদেহ। ইয়াৰ পিছতে আৰক্ষীয়ে তেওঁক দা-ৰে ঘপিয়াই হত্যা কৰাৰ কথা নিশ্চিত কৰিছিল। কিন্তু তাৰ পিছত সন্ধান পোৱা হোৱা নাছিল সোণম ৰঘুবংশীৰ। কেতিয়াবা পৰিত্যক্ত ৰেইন কোট আৰু কেতিয়াবা ভগা মোবাইল স্ক্ৰীণৰ উদ্ধাৰে অধিক জটিল আৰু ৰহস্যঘন কৰি তুলিছিল সমগ্ৰ ঘটনাটোক।

কিন্তু এই ঘটনাৰ ১৭ দিনৰ পিছত অৱশেষত উত্তৰ প্ৰদেশৰ গাজীপুৰৰ ৰহস্যজনকভাৱে এখন ধাবাত উদ্ধাৰ হয় সোণম। ইয়াৰ পিছতে আৰক্ষীয়ে দাবী কৰে যে স্বামী ৰাজা ৰঘুবংশীৰ হত্যাৰ মূল খলনায়িকা আছিল খোদ সোণম। মেঘালয় আৰক্ষীয়ে ইতিমধ্যে সোণমক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। ২ জুনত মেঘালয়ৰ এটা উপত্যকাৰ পৰা উদ্ধাৰ হৈছিল ৰজাৰ মৃতদেহ।

image 2
পৰিসমাপ্তিৰ দিশে ১৭ দিনীয়া এক ৰহস্যঘন কাণ্ডৰ! মেঘালয়ৰ পৰা নিখোজ সোণম কিদৰে উপস্থিত হ’ল গাজীপুৰত? 4

জানিব পৰা মতে, গাজীপুৰৰ নন্দগঞ্জ থানা এলেকাৰ এখন ধাবাত অচেতন অৱস্থাত উদ্ধাৰ হোৱা সোণম সেই সময়ত কথা ক’ব পৰা অৱস্থাত নাছিল। এছ পি চিটি জ্ঞানেন্দ্ৰ প্ৰসাদে কয় যে নন্দগঞ্জৰ এখন ধাবাত উদ্ধাৰ হোৱা সোণম ৰঘুবংশীক বৰ্তমান ‘ৱান ষ্টপ চেণ্টাৰ’ত ৰখা হৈছে। আৰক্ষী অধীক্ষক ডাঃ ইৰাজ ৰাজাই জানিবলৈ দিয়া মতে, সোনামে পৰিয়ালৰ লোকক এই সন্দৰ্ভত অৱগত কৰে। পৰিয়ালৰ লোকে স্থানীয় আৰক্ষীক খবৰ দিয়ে, যিয়ে পাছলৈ মেঘালয় আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে নন্দগঞ্জৰ ধাবাৰ পৰা সোণমক আনি ‘ৱান ষ্টপ চেণ্টাৰ’ত ৰখা হয়। সম্প্ৰতি জেৰা আৰু তদন্ত অব্যাহত আছে।

ইফালে, মেঘালয়ৰ ডি আই জি স্মৃতি ইদাশিশা নোংৰাঙে কয় যে ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ গোচৰত সোণমকে ধৰি মুঠ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ডি আই জিৰ মতে, ৰাজাক হত্যাৰ বাবে ভাড়াতীয়া হত্যাকাৰীক চুক্তি দিছিল সোণমে। সোণমক গ্ৰেপ্তাৰ কৰাৰ পিছত গাজীপুৰলৈ আহি আছে শ্বিলং আৰক্ষী আৰু সোণমৰ পৰিয়ালৰ লোক।

image 3
পৰিসমাপ্তিৰ দিশে ১৭ দিনীয়া এক ৰহস্যঘন কাণ্ডৰ! মেঘালয়ৰ পৰা নিখোজ সোণম কিদৰে উপস্থিত হ’ল গাজীপুৰত? 5

মধ্যপ্ৰদেশৰ ইন্দোৰৰ বাসিন্দা ৰাজা ৰঘুবংশী আৰু সোণম ৰঘুবংশীৰ বিবাহ হৈছিল কেইমাহমান পূৰ্বে। যোৱা ২১ মে’ত হানিমুনৰ বাবে মেঘালয়ত উপস্থিত হৈছিল দম্পতীহাল। সন্ধিয়া প্ৰায় ৬ বজাত বালাদী গেষ্ট হাউচত উপস্থিত হৈ চেক ইন কৰি জিৰণি লয় দম্পতীহালে। পিছদিনা ৰাতিপুৱা তেওঁলোকে কিটিং ৰোডলৈ গৈ তাৰ পৰা এখন স্কুটি ভাড়া কৰি লৈছিল। তাৰ পিছত তেওঁলোকে অতিথিশালালৈ উভতি আহি নিজৰ সামগ্ৰী লৈ চেক আউট কৰে। ৰজাই হোটেলৰ মেনেজাৰক ক’লে যে তিনিদিন পিছত ঘূৰি আহিব আৰু প্ৰয়োজন হ’লে কোঠা এটাৰ বাবে কল কৰিব।

শিপাৰা হোমষ্টেত চেক ইন কৰি ৰাতিটো কটাই পিছদিনা ২৩ মে’ত গাইড অবিহনে মাৱালখিয়ালৈ উভতি আহিল দম্পতীহালে। তাৰ পিছৰে পৰাই সন্ধানহীন হৈ পৰিছিল তেওঁলোক। পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ পিছত পৰিয়ালে আৰক্ষীৰ সৈতে যোগাযোগ কৰে। ২৪ মে’ত আৰক্ষীয়ে সোহাৰিম গাঁৱত পৰি থকা এখন পৰিত্যক্ত স্কুটিৰ খবৰ লাভ কৰে। তদন্তত জানিব পৰা মতে স্কুটীখন সোণম আৰু ৰাজাই ভাড়াত লৈছিল। ২৫ মে’ৰ পিছত আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে।

image 4
পৰিসমাপ্তিৰ দিশে ১৭ দিনীয়া এক ৰহস্যঘন কাণ্ডৰ! মেঘালয়ৰ পৰা নিখোজ সোণম কিদৰে উপস্থিত হ’ল গাজীপুৰত? 6

২ জুনত ৱেই ছাওডং জলপ্ৰপাতৰ তলৰ উপত্যকাৰ পৰা এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীৰ তদন্তত নিশ্চিত হয় যে সেয়া ৰজা ৰঘুবংশীৰ মৃতদেহ। ইয়াৰ পিছতে সোণম ৰঘুবংশীৰ সন্ধান তীব্ৰতৰ কৰি তোলা হয়। কিন্তু ৰহস্যজনকভাৱে মেঘালয়ৰ পৰিৱৰ্তে উত্তৰ প্ৰদেশৰ গাজীপুৰৰ এখন ধাবাত অস্বাভাৱিক অৱস্থাত উদ্ধাৰ হয় সোণম ৰঘুবংশী।

Leave a Comment