নিউজ ডেস্কঃ মহানগৰীৰ এটা আভিজাত পৰিয়াল। পতি-পত্নী দুয়োজনেই চিকিৎসক। পল্টনবজাৰৰ ৰোমা এনক্লেভত তেওঁলোকৰ আটক ধুনীয়া এপাৰ্টমেন্ট।
গীতে-মাতে, হাঁহিয়ে-সুখে মুখৰিত তেওঁলোকৰ জীৱন। মনোৰোগ বিশেষজ্ঞ পত্নীয়ে প্ৰায়ে ভুমুকি মাৰে নিউজ চেনেলৰ অনুষ্ঠান। কথাত বৰ পাকৈত।
সামাজিক মাধ্যমতো বেছ সক্ৰিয় পতি-পত্নী দুয়ো। মাজে মাজে গীত, মাজে মাজে কথা… তেওঁলোকৰ বাবে ৰৈ থাকে অলেখ শ্ৰোতা।
কেৱল ভাৰ্চুৱেল পৃথিৱীতে নহয়, বাস্তৱৰ সামাজিক পৃথিৱীতো তেওঁলোক সক্ৰিয়। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে তেওঁলোক প্ৰত্যক্ষ কিম্বা পৰোক্ষভাৱে জড়িত।
দম্পতীহালৰ তিনিটা সন্তান। হাঁহি, আজান আৰু ৱালিদা। হাঁহিৰ কথা নাজানো, কিন্তু আজান আৰু ৱালিদা হেনো তোলনীয়া। দুয়োৰে বয়স ৪ বছৰ।
কণমানি ল’ৰা-ছোৱালী কেইটাক চোৱা-চিতা কৰিবলৈ আছে কেইবাগৰাকীও কাম কৰা মহিলা। পতি-পত্নী দুয়ো কৰ্মব্যস্ত মানুহ। সেয়ে সংসাৰখন নিৰ্ভৰশীল কামকৰা মানুহখিনিৰ ওপৰতে।
মুঠতে মহানগৰীৰ এটা আভিজাত আৰু সুপৰিচিত পৰিয়াল তেওঁলোক। ঈৰ্ষনীয় সুখৰ সংসাৰ!
কিন্তু এই সুখৰ সংসাৰতে হঠাৎ জুই জ্বলালে এক ঘটনাই। কেইখন ফটো আৰু চুবুৰীয়াৰ অভিযোগৰ পৰা সূত্ৰপাত ঘটা এই ঘটনাই এতিয়া লকআপৰ মাজলৈ ঠেলি দিছে সুখৰ শয্যাত ৰাতি পাৰ কৰা দম্পতীহালক।
নক’লেও হয়তো বুজিব পাৰিছে আমি ক’ব বিচৰা দম্পতীহালৰ কথা। হয়, তেওঁলোকেই হৈছে ডা০ সংগীতা দত্ত আৰু ডা০ ৱালিউল ইছলাম।
এই দম্পতীহালৰে চাৰিবছৰীয়া তোলনীয়া কন্যা ৱালিদাক লৈ সূত্ৰপাত ঘটিছে অভিযোগৰ। এপাৰ্টমেণ্টৰ ছাদত প্ৰখৰ ৰ’দত লোহাৰ খুঁটাত বান্ধি থোৱা কণমানি ছোৱালীজনীৰ ফটো আৰু ঘটনা পোহৰলৈ অহাৰ পিছতে ইস আস কৰিছে সকলোৱে।
চুবুৰীয়াৰ অভিযোগ- বিগত ১০-১৫ দিনৰ পৰাই হেনো কণমানি শিশুটিক এনেদৰে শাস্তি প্ৰদান কৰি আহিছে চিকিৎসক দম্পতীয়ে।
সমাজ কি, মানুহ কি চিনি পোৱাৰ বয়স নৌহওতেই এনেদৰে তোলনীয়া পিতৃ-মাতৃৰ অকথ্য নিৰ্যাতন ভোগ কৰিবলগীয়া হৈছে কণমানিটিয়ে।
অভিযোগ আৰু ফটো ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে প্ৰথমে গ্ৰেপ্তাৰ কৰে ডা০ ৱালিউল ইছলামক।
তাৰ পিছতে সামাজিক মাধ্যমত নাটকীয় ভংগীমাৰে ষড়যন্ত্ৰৰ বলি হোৱা বুলি দাবী ডা০ সংগীতা দত্তৰ। গাত মুগাৰ সাজ মেৰিয়াই কান্দি কান্দি সংগীতাই ক’লে- ‘আমি ঘৰত নথকা অৱস্থাত কোনোৱে মোৰ প্ৰফেশ্যনেল কেৰিয়াৰ ধ্বংস কৰিবলৈ এনে ষড়যন্ত্ৰ কৰিছে।’
ঘৰত নাছিল সংগীতা দত্ত আৰু স্বামী ৱালিউল! তেওঁলোকৰ দাবী মতে, ল’ৰা-ছোৱালী কেইটাক এৰি দুয়ো গৈছিল ফুকেটলৈ। আৰু তেতিয়াই…
সংগীতা দত্তই প্ৰথমে দাবী কৰিছিল যে আজান আৰু ৱালিদা হেনো তেওঁলোকৰ নিজৰ সন্তান। আইভিএফ পদ্ধতিৰে তেওঁলোকে জন্ম দিছিল যমজ সন্তান দুটি।
যদি সঁচাই শিশুদুটি তেওঁলোকৰ সন্তান হ’লহেঁতেন, তেন্তে কল্পনা আপুনিও কৰি চাব পাৰে- ৪ বছৰীয়া দুটি শিশুক এনেকৈ কাম কৰা মানুহৰ হাতত এৰি সঁচাই কোনো পিতৃ-মাতৃয়ে ফুৰিবলৈ যাব পাৰে নে?
সংগীতা দত্তই ফেচবুক ভিডিঅ’ত নিজেই কৈ গৈছিল- তেওঁ হেনো ল’ৰা-ছোৱালীৰ ওপৰত গুৰুত্ব দিবলৈ সময়েই নাপায়। সকলোখিনি চোৱা-চিতা কৰে কামকৰা মহিলায়েই।
এয়া কেনে নিৰ্দয় মাতৃ, যিয়ে নিজৰ সন্তানক সময় দিবলৈকো সময় নাপায়? কথাচহকী সংগীতা দত্তৰ কথা শুনি এই প্ৰশ্নই উত্থাপন হৈছিল বহুতৰ মনত।
আৰু অৱশেষত উত্তৰ ওলাল। মেঘালয়লৈ পলায়নৰ সময়ত খানাপাৰাত গ্ৰেপ্তাৰ হোৱা সংগীতা দত্তক আৰক্ষীয়ে চলোৱা জেৰাত এফালৰ পৰা সঁচাবোৰ কৈ যাবলৈ বাধ্য হ’ল চিকিৎসকগৰাকীয়ে।
তেওঁ ক’লে কিদৰে ২০১৯ৰ কোনোবা এটা দিনত এগৰাকী মহিলাই তেওঁলোকৰ হাতত তুলি দি গৈছিল যমজ সন্তান দুটি। নহয়, আজান-ৱালিদা তেওঁলোকৰ সন্তান নহয়।
আনফালে কামকৰা মহিলাগৰাকীয়ে স্বীকাৰ কৰিছে- সংগীতা দত্তৰ কথা মতেই হেনো শিশুটিক বান্ধি থৈছিল ছাদৰ ওপৰত। চিকিৎসকে কৈছে- কেৱল সেয়াই নহয়, কণমানিটিৰ গুপ্তাংগৰ চৌদিশে আৰু উৰুতো আছে আঘাতৰ চিন। দেখিলে শিঁয়ৰি উঠিব আপুনিও।
টিভিত কেমেৰাৰ সন্মুখত শিশুৰ মানসিক বিকাশৰ বাবে ভাল ভাল কথা গৈ প্ৰশংসা বুটলা সংগীতা দত্তৰ আচল স্বৰূপ প্ৰকাশ পোৱাৰ পিছত এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কথাবোৰ জানি-বুজি ধিক্কাৰ জনাইছে অনেকে।
বৰ্তমান শিশুটিক শিশুগৃহত নিৰাপদে ৰখা হৈছে। আৰক্ষীয়েও তদন্ত চলাই চিকিৎসক দম্পতীৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিলৰ যো-জা চলাইছে।
মানুহে মহানগৰীৰ মুখা পিন্ধা আভিজাত্যৰ আঁৰৰ ক’লা আৰু দাগময় মুখখন দেখি ইস-আস কৰিছে।