জীৱনক সুমধুৰ কৰিবলৈ পঢ়ক এই ১৭টা মহান উক্তি…

জীৱন বৰ অনুপম। সঠিক বাটেৰে আগবাঢ়ি জীয়াব জানিলে মানুহৰ জীৱনতকৈ সুন্দৰতম সৃষ্টি আৰু একো নাই।

কিন্তু কেনেকৈ বাচনি কৰিব জীৱনৰ সঠিক বাট। তাৰ বাবেই অভিজ্ঞতাই ঘঁহি-পিহি পুৰঠ কৰা ব্যক্তিসকলৰ মহান উক্তিসমূহ।

এই উক্তিসমূহৰ মাজতেই লুকাই থাকে অনেক শিক্ষা। কণ্টকময় বাট নেওচি সাফল্যৰ শিখৰত উপনীত হোৱাৰ পৰা জীৱনৰ বিপৰ্যস্ত সময়ত সাহস গোটোৱালৈকে এই সকলোবোৰে পাব পাৰি মহান ব্যক্তিসকলৰ অভিজ্ঞতাৰ মাজেৰে।

সেয়ে আজি পঢ়ো আহক ১৭ গৰাকী মহান ব্যক্তিৰ ১৭টা মহান উক্তি-

১. অজ্ঞানী হোৱাটো লাজৰ বিষয় নহয়, শিকিবলৈ আগ্ৰহ নথকাটোহে লাজৰ বিষয় -ব্ৰেঞ্জামিন ফ্ৰেংকলিন

photo1682436940 1
জীৱনক সুমধুৰ কৰিবলৈ পঢ়ক এই ১৭টা মহান উক্তি... 19

২. যিজন ব্যক্তিয়ে কেতিয়াও ভুল কৰি পোৱা নাই, তেওঁ কেতিয়াও নতুন কিবা এটা কৰাৰ চেষ্টাও কৰি পোৱা নাই – এলবাৰ্ট আইনষ্টাইন

image 13
জীৱনক সুমধুৰ কৰিবলৈ পঢ়ক এই ১৭টা মহান উক্তি... 20

৩. জীৱনৰ প্ৰকৃত অৰ্থ হ’ল নিজৰ পথৰ সন্ধান কৰা, আনৰ পথক অনুসৰণ কৰা নহয়। – মামণি ৰয়চম গোস্বামী

image 14
জীৱনক সুমধুৰ কৰিবলৈ পঢ়ক এই ১৭টা মহান উক্তি... 21

৪. মই খেতিয়ক! সেইবাবেই যদি মই ভাল কাপোৰ পিন্ধাৰ যোগ্য নহয়. তেন্তে মোৰ পথাৰৰ সুস্বাদু খাদ্য খোৱাৰো আপুনি যোগ্য নহয়- জ’ল চালাটিন

image 15
জীৱনক সুমধুৰ কৰিবলৈ পঢ়ক এই ১৭টা মহান উক্তি... 22

৫. জীৱনটোও একপ্ৰকাৰৰ পৰ্বত আৰোহণ। অসীম দুখ-কষ্ট আৰু দুৰ্লংঘ বাধা আছে বাবেই ই ৰোমাঞ্চকৰ। – হোমেন বৰগোহাঞি

image 16
জীৱনক সুমধুৰ কৰিবলৈ পঢ়ক এই ১৭টা মহান উক্তি... 23

৬. নাৰী আৰু পুৰুষে অপলক দৃষ্টিৰে পৰস্পৰলৈ চাই থকাতো প্ৰেম নহয়। দুয়োজনে একেটা দিশলৈ চাই থকাটোৱেই প্ৰেম। – কেলভিন কুলিডজ

image 17
জীৱনক সুমধুৰ কৰিবলৈ পঢ়ক এই ১৭টা মহান উক্তি... 24

৭. কোনো নিৰাশাবাদীয়েই আকাশৰ তৰাৰ ৰহস্য আৱিস্কাৰ কৰা নাই, কোনো অনাবিষ্কৃত ভূমিলৈ নৌ যাত্ৰা কৰা নাই বা মানৱ আত্মাৰ বাবে নতুন স্বৰ্গৰ বাৰ্তা বহন কৰি অনা নাই। -হেলেন কেলাৰ

image 18
জীৱনক সুমধুৰ কৰিবলৈ পঢ়ক এই ১৭টা মহান উক্তি... 25

৮. আমি যি ভাৱো, যি কৰোঁ, তাৰ দ্বাৰাই গঠন হয় আমাৰ চৰিত্ৰ। -আনন্দ চন্দ্ৰ আগৰৱালা

image 19
জীৱনক সুমধুৰ কৰিবলৈ পঢ়ক এই ১৭টা মহান উক্তি... 26

৯. ৰাজনীতি হ’ল ৰক্তপাত নকৰাকৈ কৰা যুদ্ধ আৰু যুদ্ধ হ’ল ৰক্তপাত কৰা ৰাজনীতি। – মাও চে টুং

image 20
জীৱনক সুমধুৰ কৰিবলৈ পঢ়ক এই ১৭টা মহান উক্তি... 27

১০. তুচ্ছ আৰু গুৰুত্বহীন কথাবোৰত অতিশয় ব্যস্ত হৈ থকাটোৱেই হ’ল দুখী হোৱাৰ প্ৰধান উপায়। -এডৱাৰ্ড নিউটন

image 21
জীৱনক সুমধুৰ কৰিবলৈ পঢ়ক এই ১৭টা মহান উক্তি... 28

১১. এজন মানুহৰ যিমানেই প্ৰতিভা নাথাকক কিয যদি তেওঁ পৰিশ্ৰম নকৰে তেন্তে সেই প্ৰতিভা মূল্যহীন। – থমাছ আলভা এডিছন

image 22
জীৱনক সুমধুৰ কৰিবলৈ পঢ়ক এই ১৭টা মহান উক্তি... 29

১২. মূর্খ লােকৰ কাৰণে সমাজ নষ্ট নহয়, সমাজ নষ্ট হয় শিক্ষিত লােকৰ মূর্খ স্বভাৱৰ কাৰণে। -চাণক্য

image 23
জীৱনক সুমধুৰ কৰিবলৈ পঢ়ক এই ১৭টা মহান উক্তি... 30

১৩. চৰিত্ৰবান মানুহ পবিত্র জলৰ নিচিনা, সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে। -সত্যনাথ বৰা

image 24
জীৱনক সুমধুৰ কৰিবলৈ পঢ়ক এই ১৭টা মহান উক্তি... 31

১৪. যি অগ্নিয়ে জাৰত আমাক উত্তাপ দিয়ে সেই অগ্নিয়েই আকৌ ধ্বংসও কৰিব পাৰে! সেইটো অগ্নিৰ দোষ নহয়। -স্বামী বিবেকানন্দ

image 25
জীৱনক সুমধুৰ কৰিবলৈ পঢ়ক এই ১৭টা মহান উক্তি... 32

১৫. মই অকলে পৃথিৱীখন সলাব নোৱাৰো, কিন্তু এটা শিলগুটি দলিয়াই মই পানীত বহুতো তৰঙ্গৰ সৃষ্টি কৰিব পাৰোঁ। -মাদাৰ টেৰেছা

image 26
জীৱনক সুমধুৰ কৰিবলৈ পঢ়ক এই ১৭টা মহান উক্তি... 33

১৬. মৃত্যুতকৈ কষ্টেৰে জীয়াই থাকিবলৈ বেছি সাহসৰ প্ৰয়োজন। -নেপোলিয়ন

image 27
জীৱনক সুমধুৰ কৰিবলৈ পঢ়ক এই ১৭টা মহান উক্তি... 34

১৭. হাঁহি হ’ল দেহ-মনক প্ৰশান্ত কৰিব পৰা এটা মহৌষধ, যাৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। -কালাৰ্ইল

image 28
জীৱনক সুমধুৰ কৰিবলৈ পঢ়ক এই ১৭টা মহান উক্তি... 35